ইন্টাগ্ৰামত এখন ফটো দি ২৪ঘন্টা নহওতেই ট্ৰ’লৰ সন্মুখীন হৈ নিজৰ ইন্টাগ্ৰাম একাউন্ট ডিএক্টিভেট কৰিবলগীয়া হ’ল এইগৰাকী অভিনেত্ৰীগৰাকীয়ে। কিছুদিন পূৰ্বে ছলমান খানৰ সৈতে ‘ৱান্টেড’ ছবিত কাম কৰা আয়েশা টাকিয়াই নিজৰ ইন্টাগ্ৰাম একাউন্ট ডিলিট কৰি পুনৰ ঘূৰি আহিল সামাজিক মাধ্যমলৈ ।
কিছুদিন পূৰ্বে তাৰকাগৰাকীয়ে ইন্টাগ্ৰামত ফটো আপলোড কৰিছিল কিন্তু কিছু সময়ৰ পাছতেই অৰ্থাৎ ২৪ঘন্টা নহওতেই ট্ৰ’লিঙৰ সন্মুখীন হ’ব লগীয়া হয় আৰু ২৩ আগষ্ট অৰ্থাৎ শুক্ৰবাৰে তাৰকাগৰাকীয়ে নিজৰ ইনষ্টাগ্ৰাম ডিএক্টিভেট কৰে। যাৰ ফলত চাৰ্চ কৰিলেও পেজটো শ্ব’ কৰা নাছিল কিন্তু এদিনৰ পাছতেই অৰ্থাৎ শনিবাৰৰ দিনটোত পুনৰ উভতি আহে আৰু boomerang ভিডিঅ’ আপলোড কৰি কেপচেনত লিখে- Very Demure, Very Mindful‘।
আৰু এখন ইনষ্টাগ্ৰামত ষ্টৰি আপলোড কৰে য’ত লিখা আছিল
ভিডিঅ’খনত তাৰকাগৰাকীয়ে ক’লা টি চাৰ্ট আৰু কলা জিঞ্চ পিন্ধা দেখিবলৈ পোৱা যায়।
দৰাচলতে, তাৰকাগৰাকীয়ে নিলা-সোণালী ৰঙৰ শাৰী আৰু গোলপীয়া মেক আপেৰে সামাজিক মাধ্যমত এখন ফটো আপলোড কৰে যি কিছুসময়ৰ ভিতৰতে ভাইৰেল হৈ পৰে কিয়নো ফটোখনত তাৰকাগৰাকীক চিনিব পৰা নগৈছিল, তাৰকাগৰাকীৰ মুখমণ্ডল সম্পূৰ্ণৰূপে পৰিৱৰ্তন দেখিবলৈ পোৱা যায়। অত্যধিক প্লাষ্টিক চাৰ্জাৰি কৰাৰ ফলত ভিন্ন অনুৰাগীবোৰে ভিন্ন ধৰণে ট্ৰ’ল কৰিবলৈ আৰম্ভ কৰে। যাৰ ফলত তাৰকাগৰাকীয়ে অতিষ্ঠ হৈ নিজৰ ইন্টাগ্ৰাম ডিএক্টিভেট কৰিবলৈ বাধ্য হয়।
আয়েশাই এনেদৰে ট্ৰ’লিং কৰি ক্ষোভ প্ৰকাশ কৰা এইটোৱেই প্ৰথম নহয়। ইয়াৰ পূৰ্বেও চলিত বৰ্ষৰ আৰম্ভণিতে তাৰকাগৰাকীক বিমানবন্দৰত পুত্ৰৰ সৈতে নতুন ৰূপত দেখি ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে।
প্লাষ্টিক চাৰ্জাৰি কৰি ট্ৰ’লৰ সন্মোখীন হ’বলগীয়া হোৱাত ভাইৰেল পোষ্টৰ প্ৰতিউত্তৰ হিচাপে তাৰকাগৰাকীয়ে নিজৰ ইনষ্টাগ্ৰামত এটা দীঘলীয়া পোষ্ট শ্বেয়াৰ কৰে। এফালে লিখা আছিল ‘NEED TO SAY THIS, RUSHED TO GOA TWO DAYS AGO.. HAD A MEDICAL EMERGENCY IN MY FAMILY…MY SISTER HAS LITERALLY BEEN IN HOSPITAL. AMIDST ALL THIS, I REMEMBER BEING STOPPED BY PAPS AND POSING FOR THEM FOR BASICALLY A FEW SECONDS BEFORE FLYING OFF. TURNS OUT THERE ARE NO OTHER IMPORTANT ISSUES IN THE COUNTRY EXCEPT DISSECTING MY LOOKS… BEEN BOMBARDED BY VIRAL RIDICULOUS OPINIONS OF HOW PPL THINK I SHOULD HAVE LOOKED AND DON’T. LITERALLY GET OVER ME YAAR, I HAVE ZERO INTEREST IN DOING ANY FILMS OR ANY COMEBACK LIKE PPL ARE SAYING. I’M LIVING MY LIFE HAPPILY, NEVER WANT TO BE IN THE LIMELIGHT, NOT INTERESTED IN ANY FAME, DON’T WANNA BE IN ANY FILM…SO CHILL..
PLS FEEL FREE TO NOT CARE ABOUT ME AT ALL… EXPECTING A GIRL WHOSE MOSTLY BEEN SEEN IN HER TEENS TO LOOK IDENTICAL EVEN AFTER 15 YEARS…HOW UNREALISTIC AND RIDICULOUS ARE THESE PPL…LOL PLEASE FIND BETTER THINGS TO DO WITH UR TIME RATHER THAN PICK APART GOOD LOOKING WOMEN, I’M BLESSED WITH A FABULOUS LIFE AND DO NOT NEED UR OPINIONS, SAVE IT FOR THOSE INTERESTED. I’M SENDING BACK ALL UR SHITTY ENERGY. DO BETTER PPL, GET A HOBBY, EAT A FUN MEAL, TALK TO UR FRIEND, SMILE, WHATEVER IT TAKES TO NOT FEEL SO UNHAPPY THAT U NEED TO TELL A GORGEOUS HAPPY WOMAN HOW SHE’S NOT LOOKING LIKE U WANTED”
আৰু আনফালে কেপচনত তাৰকাগৰাকীয়ে লিখিছিল “But I would surely like to thank all my followers, fans, and well-wishers… you guys have been so awesome, loving, and amazing to me all the time… so thank you …sending you love.”
Taarzan: The Wonder Car প্ৰথম ছবিখনেৰে মানুহৰ হৃদয়ত স্থান দখল কৰা আয়েশাই প্ৰায় ২১খন হিন্দী ছবিত কাম কৰিছে। ২৩ বছৰ বয়সত ব্যৱসায়ী ফাৰহান আজমীৰ সৈতে বিবাহপাশত আবদ্ধ হয়। বিয়াৰ পিছত পুত্ৰ সন্তানৰ মাতৃ হয়। তাৰকাগৰাকী গ্লেমাৰাচ জগতৰ পৰা নিজকে আঁতৰাই ৰাখিছে যদিও ছ’চিয়েল মিডিয়াত সক্ৰিয় হৈ আছে।