ফুটবল তাৰকা ক্রিষ্টিয়ানো ৰোনাল্ডোয়ে নিজাকৈ আৰম্ভ কৰিলে এটা ইউটিউব চেনেল। লগে লগে গঢ়িলে অভিলেখ । কিয়নো এদিনতে ৩৮.৫ মিলিয়ন চাবচক্ৰাইবাৰ লাভ কৰাৰ লগতে মাত্ৰ দুদিনতে লাভ কৰিলে Golden Play বুটাম।
জনপ্ৰিয় ৩৯ বছৰীয়া পৰ্তুগীজ ফুটবলাৰ তাৰকা তথা ৫ সন্তানৰ পিতৃ ক্রিষ্টিয়ানো ৰোনাল্ডোৱে নিজাকৈ ইউটিউব চেনেল খুলি ৱল্ড ৰেকৰ্ড কৰিবলৈ সক্ষম হৈছে। ‘ইউ আৰ-ক্রিষ্টিয়ানো’ নামৰ ইউটিউব চেনেলটো খোলাৰ মাত্ৰ এদিনতে ১০ মিলিয়ন চাব’চক্ৰাইবাৰ লাভ কৰিবলৈ সক্ষম হয়।
‘অপেক্ষা শেষ হ’ল, অৱশেষত মোৰ ইউটিউব চেনেলটোৱে মুক্তি পালে! মোৰ এই নতুন যাত্ৰাত আপুনিও যোগদান কৰক আৰু চাব’চক্ৰাইব কৰক’ বুলি ৰোনাল্ডোয়ে টুইটযোগে সদৰি কৰাৰ লগে লগে ৯০ মিনিটত ১০ লাখ, ৬ ঘণ্টাত ৬০ লাখ আৰু দিনটোৰ ভিতৰত ১০ লাখ লোকে চেনেলটোক চাবচক্ৰাইব কৰে। ইয়াৰ পূৰ্বে ‘হামষ্টাৰ কম্বেট’ নামৰ ইউটিউব চেনেলটোৱে এদিনত সৰ্বাধিক চাবচক্ৰাইব লাভ কৰাৰ ক্ষেত্ৰত অভিলেখ গঢ়িছিল।
এতিয়ালৈ ইউটিউবৰ পৰা কিমান টকা উপাৰ্জন কৰিলে ক্রিষ্টিয়ানো ৰোনাল্ডোৱে?
এতিয়ালৈ ক্রিষ্টিয়ানো ৰোনাল্ডোয়ে ১৯ টা ছুটি ভিডিঅ’ আপলোড কৰিছে এই চেনেলটোত। Thinkificৰ তথ্য অনুসৰি ইউটিউব চেনেলসমূহে প্ৰতি ১০০০ ভিউজত প্ৰায় ৬ মাৰ্কিন ডলাৰ উপাৰ্জন কৰিব পাৰে। এই পৰিমাণ প্ৰতি ১ মিলিয়ন ভিউজত ১২০০-৬০০০ মাৰ্কিন ডলাৰৰ ভিতৰত হয়। ৰোনাল্ডোৱে ইতিমধ্যে কেইবা কোটি মাৰ্কিন ডলাৰৰ উপাৰ্জন কৰিব পাৰে বুলি আশা কৰা হৈছে।
খেলপথাৰৰ সমান্তৰলালকৈ চ’ছিয়েল মিডিয়াতো সমানেই জনপ্ৰিয় তাৰকা ফুটবলাৰগৰাকী। ইতিমধ্যে ইনষ্টাগ্ৰামত ৬৩৬ মিলিয়ন ফ’ল’ৱাৰ, টুইটাৰত ১১২.৫ মিলিয়ন ফ’ল’ৱাৰ, ফেচবুকত ১৭০ মিলিয়ন ফ’ল’ৱাৰ আছে ক্রিষ্টিয়ানো ৰোনাল্ডোৰ।