এইবাৰৰ পৰা ই-ৰিক্সাৰ সোঁ ফাল সম্পূৰ্ণ থাকিব বন্ধ। চালকৰ কাষত কোনো যাত্ৰীক বহুৱাই নিব নোৱাৰিব আৰু ইচ্ছা কৰিলে য’তে ত’তে ৰখাব নোৱাৰিব ই-ৰিক্সাখন।
ই-ৰিক্সাৰ চালকৰ বাবে কঠোৰ নিৰ্দেশনা । যাত্ৰীয়েও মানিব লাগিব কেতবোৰ নিৰ্দেশনা । নিয়ম ভংগ কৰিলেই ভৰিব লাগিব জৰিমণা । চালকৰ কাষত কোনো যাত্ৰীক বহুৱাই নিব নোৱাৰিব। ইচ্ছা কৰিলে যতে ত’তে ৰখাব নোৱাৰিব ই-ৰিক্সাখন। চালকসহ ৫ যাত্ৰীহে উঠিব পাৰিব ই-ৰিক্সাত। নিৰ্ধাৰিত পথতহে চলাব পাৰিব ই-ৰিক্সা । নিয়ম ভংগ কৰিলেই লগে লগে ভৰিব লাগিব ৫০০ টকাৰ জৰিমণা।
চালক নিচাযুক্ত অৱস্থাত ধৰা পৰিলেই পৰিব বিপদত । নগাঁও পৌৰসভাই জাৰি কৰিছে এই কঠোৰ নিৰ্দেশনা। ভাড়াত ক্ষেত্ৰতো কেইবাটাও নিৰ্দেশনা জাৰি । প্ৰতি কিলোমিটাৰত ১০ টকাহে ল’ব পাৰিব যাত্ৰীৰ পৰা । ১ কিলোমিটাৰৰ পিছত হে প্ৰতি কিলোমিটাৰত ৫ টকাকৈ বঢ়াব পাৰিব । যাত্ৰী উঠাওতে ১ মিনিটতকৈ বেছি সময় ল’ব নোৱাৰিব । তিনিআলি, চাৰিআলিৰ পৰা ১০ মিটাৰ ব্যৱধানতহে উঠাব পাৰিব যাত্ৰী। ই-ৰিক্সাখনৰ সোঁফালটো গ্ৰীলেৰে বন্ধ কৰিব লাগিব। নগাঁও পৌৰসভাৰ অনুমোদিত ই-ৰিক্সাহে চলাব পাৰিব পথত ।
নগাওঁ পৌৰ সভাৰ কাৰ্য্যালয়: নগাওঁ (অসম)জাননী
১৪/১০/২০২৪ তাৰিখৰ পৰা নগাওঁ পৌৰ এলেকাত পৌৰসভাৰ পৰা নগৰ সেৱাৰ বাবে অনুমোদিত ই-ৰিক্সাসমূহৰ বাহিৰে আন কোনো ই-ৰিক্সা চলাচল কৰিবলৈ দিয়া নহ’ব। নগৰ সেৱাৰ বাবে অনুমোদিত ই-ৰিক্সাসমূহে তলত উল্লেখ কৰা চৰ্ত সমুহ মানি চলিব লাগিব। এই চর্তসমূহ ভংগ কৰিলে ই-ৰিক্সাখনৰ অনুমোদন নাকচ কৰা হ’ব।
১) নগাওঁ পৌৰসভা এলেকাত পৌৰসভাৰ পৰা অনুমোদিত ই-ৰিক্সাৰ বাহিৰে অন্য কোনো ই-ৰিক্সা চলাচল কৰিব নোৱাৰিব। |
২) প্ৰতিখন ই-ৰিক্সাৰ সোঁহাতে গ্ৰীলেৰে বন্ধ কৰা থাকিব লাগিব লগতে ব্রেক, হর্ণ, লুকিং গ্লাছ কার্যক্ষম হৈ থাকিব লাগিব। |
৩) পৌৰসভাই নিৰ্দ্ধাৰণ কৰি দিয়া পথতহে ই-ৰিক্সা চলাচল কৰিব পাৰিব। |
৪) ই-ৰিক্সা সমুহত আগফাল ও পিচফালে হালধীয়া ৰিফ্লেক্তৰ টেপ লগোৱাটো বাঞ্চনীয়। |
৫)ই-ৰিক্সা চালকে কোনো ধৰণৰ নিচাযুক্ত দ্রব্য সেৱন কৰি ই-ৰিক্সা চলাব নোৱাৰিব। অন্যথা অনুমোদন নাকচ কৰা হ’ব। |
৬) চালকৰ বাহিৰে চালকৰ আসনত অন্য যাত্রী বহুৱাব নোৱাৰিব। |
৭) চালকৰ অনুজ্ঞাপত্ৰ সকলো সময়তে লগত ৰাখিব লাগিব। অন্যথা ৫০০ টকা জৰিমণা ভৰিব লাগিব। |
৮) পৌৰসভাৰ অনুমোদনৰ সময়ত পৌৰসভাৰ চহৰীয়া চিকিৎসকৰ জৰিয়তে স্বাস্থ্য পৰীক্ষাৰ প্ৰমাণ পত্র দাখিল কৰিব লাগিব। |
৯) ভাড়া নিৰিখমতে ল’ব লাগিব। প্রথম কিলোমিটাৰ ১০ টকা আৰু তাৰ পিছত প্ৰতি কিলোমিটাৰৰ বাবদ ৫ টকা আদায় ল’ব পাৰিব। |
১০) তিনিআলি, চাৰিআলিসমূহৰ ১০ মিটাৰৰ ভিতৰত ই-ৰিক্সাই যাত্রী উঠোৱা নমোৱা কৰিব নোৱাৰিব। |
১১) যাত্রী উঠোৱা নমোৱা কৰিবলৈ ১ মিনিটতকৈ বেছি সময় ৰ’ব নোৱাৰিব। |
১২) সর্ব্বোচ্চ যাত্রী-চালক সহ ৫ জনতকৈ অধিক হ’ব নোৱাৰিব। |
১৩) ই-ৰিক্সাৰ বাবে চহৰত কোনো নির্দিষ্ট পার্কিং স্থান নাথাকে। |
১৪) অনুমোদিত ই-ৰিক্সাৰগৰাকীৰ ঘৰত অসম শক্তি বিতৰণ কোম্পানী লিমিটেড (APDCL) দ্বাৰা E.V.C.S. সংয়োগ থাকিব লাগিব। |
১৫) ই-ৰিক্সাৰ অনুমোদনৰ প্ৰ-পত্ৰ অহা ইং-১৬/০৯/২০২৪ ৰ পৰা ৩০/০৯/২০২৪ লৈ পৌৰসভাৰ কাৰ্য্যালয়ত দিয়া হয়। |