প্ৰথমে পতন, পিছত উত্থান অৱশেষত সলনি হ’ল ষ্টক মাৰ্কেটৰ গতিবিধি ।

শুকুৰবাৰৰ দিনটোত পুনৰ স্তব্ধ হৈ পৰিল শ্বেয়াৰ মাৰ্কেট। প্ৰথমে পতন, পিছত উত্থানে সলনি কৰিলে বজাৰৰ গতিবিধি।

৪ অক্টোবৰৰ দিনটোত ভাৰতীয় শ্বেয়াৰ বজাৰত পুনৰ অস্থিৰতা দেখিবলৈ পোৱা গ’ল। ৩ অক্টোবৰত SENSEX- 1769.19 পইন্ট যাৰ বজাৰ মূল্য 82,497.10 আৰু NIFTY-546.80 পইন্ট, বজাৰ মূল্য 25,250.10ৰ ব্যাপক পতনৰ সৈতে ভাৰতীয় শ্বেয়াৰ বজাৰ বন্ধ হয়। ফলত বিনিয়োগকাৰীসকল প্ৰায় ৯.৫ লাখ কোটি টকাতকৈও অধিক লোকচানৰ সন্মুখীন হ’বলগীয়া হয়।


আনহাতে, শুকুৰবাৰৰ দিনটোত SENSEX- 82,563.36 আৰু NIFTY-25,267 বজাৰ মূল্যত খোল খায়। 9.30 বজালৈ SENSEX আৰু NIFTYয়ে নিম্ন দিশে গতি কৰিছিল যদিও কিছু সময়ৰ পাছতেই SENSEX-850 পইন্ট আৰু NIFTY-300ৰ অধিক পইন্টলৈ বৃদ্ধি পায়। কিন্তু বজাৰৰ দুৰ্বল অৱস্থাৰ বাবে 12.30 বজাৰ পাছতেই দিনটোৰ সৰ্বাধিক মূল্যৰ পৰা হ্ৰাস হৈ SENSEXৰ মূল্য 81562.13 আৰু NIFTYৰ মূল্য 24,972লৈ পতন ঘটে। অৱশেষত SENSEX- 808.65(0.98%)পইন্ট অৰ্থাত বজাৰ মূল্য 81,688.45 আৰু NIFTY-50য়ে 235.50(0.93%) পইন্ট অৰ্থাত 25,014.60 বজাৰ মূল্যত অক্টোবৰ মাহৰ প্ৰথমটো সপ্তাহৰ বজাৰ বন্ধ হয়।
NIFTY-50ৰ ভিতৰত ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজ 40.90(1.45%), আইচিআইচিআই বেংক 16.60(1.32%), এইচডিএফচি বেংক 24.35(1.45%) আৰু ভাৰতী এয়াৰটেল 32.55(1.95%) পতন ঘটা দেখিবলৈ পোৱা গৈছে।

Comments (0)
Add Comment