Google Mapৰ পৰা নোহোৱা হ’ল যোৰহাটৰ পৰা জাঁজীলৈ বিধ্বস্ত ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথ।

Googleয়ে সলালে বিধ্বস্ত পথৰ পথ নিৰ্দেশনা। Google Mapৰ পৰা নোহোৱা হ’ল যোৰহাটৰ পৰা জাঁজীলৈ বিধ্বস্ত ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথ।
ৰঙা চিহ্নৰে চিহ্নিত কৰিলে যোৰহাটৰ পৰা জাঁজীলৈ বিধ্বস্ত ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথচোৱা।
যোৰহাটৰ পৰা জাঁজীলৈ যদি কোনোৱে যাব বিচাৰে আৰু Google Mapত পথৰ সন্ধান কৰা হয় তেতিয়া Googleয়ে যোৰহাটৰ পৰা মৰিয়নী-আমগুৰি হৈ বা যোৰহাটৰ পৰা লাহদৈগড়-ৰাজৈ-বাদুলীপুখুৰী হৈ জাঁজীলৈ পথৰ নিৰ্দেশনা দিয়ে।


যোৰহাটৰ পৰা পোনপটীয়াকৈ লাহদৈগড়-কাকজান টীয়ক হৈ জাঁজীলৈ যোৱা পথছোৱা Googleয়ে নেদেখুৱাই। ইয়াৰ দ্বাৰাই প্ৰমাণিত যে যোৰহাটৰ পৰা জাঁজীলৈ ৩৯ কিলোমিটাৰ পথ এতিয়া যাতায়তৰ অনুপযোগী হৈ পৰিছে। নিশাৰ ভাগত এই পথৰ মাজত থকা গাঁতত পৰি বহু গাড়ী পথৰ মাজতে আবদ্ধ হৈ পৰে। যাৰ ফলত পথটোৰে যাতায়ত বন্ধ হৈ পৰা লগতে যাত্ৰীসকলে জীয়াতুত ভুগিবলগীয়া হৈছে। বৰষুণ দিলে বোকাময় পৰিৱেশৰ সৃষ্টি হয়। যাৰ ফলত একাঠু বোকা আৰু ডাঙৰ ডাঙৰ গাতৰ সৃষ্টি হৈছে।
সেয়েহে Googleয়েও বুজিলে ৰাইজৰ এই দুৰ্দশা, যাৰ বাবে অন্তৰ্ধান হ’ল ৰাজ্যৰ এটা নিৰ্মীয়মান ৰাষ্ট্ৰীয় ঘাইপথ!

স্থানীয় ৰাইজৰ মন্তব্য NHIDCL কৰ্তৃপক্ষ শুই আছে AC ৰুমত, কিয়নো বিগত 10 বছৰে নিৰ্মাণ কাৰ্য চলি থকা লুন্ঠনস্থলীলৈ পৰিণত হোৱা যোৰহাটৰ পৰা জাঁজীলৈকে ৰাষ্ট্ৰীয় ঘাইপথচোৱাৰ দূৰাৱস্থাৰ বাবে Google Mapত এতিয়া এই পথচোৱাৰ পৰিৱৰ্তে বেলেগ পথৰ নিৰ্দেশনা দিয়া হৈছে!

উল্লেখযোগ্য যে দগাওঁ, বাগান তিনিআলি, চটাই, হাতীগড়ত নিৰ্মাণ কৰা পি ইউ পিসমূহৰ কাষৰ চাৰ্ভিচ পথসমূহ বৰ্তমানে সম্পূৰ্ণ যাতায়তৰ অনুপযোগী হৈ পৰিছে। এই পথসমূহ Google Mapত ৰঙা ৰঙেৰে বিপদজনক চিহ্ণৰে চিহ্নিত কৰা হৈছে। যিকোনো সময়তে এই পথচোৱা দুয়োটা লেনতে যান-বাহনৰ যাতায়ত বন্ধ হৈ পৰাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে। ফলত অচিৰেই ব্যাহত হ’ব উজনি নামনিৰ মাজৰ যাতায়ত ব্যৱস্থা ।

Comments (0)
Add Comment