সোমবাৰৰ দিনটোত গুজৰাটৰ বানাস্কান্তত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনা। বাছ বাগৰি পৰাৰ ফলত ৪জনকৈ যাত্ৰীৰ মৃত্যু হোৱাৰ লগতে 25জনকৈ যাত্ৰী আহত আৰু ৭জনকৈ লোক সংকটজনক অৱস্থাত।
নৱৰাত্ৰি উপলক্ষে বিখ্যাত অম্বাজী মন্দিৰ দৰ্শন কৰিবলৈ গৈছিল ভক্তসকল। আম্বাজীৰ মন্দিৰ দৰ্শন কৰি উভতি অহাৰ পথত দন্ত আৰু ত্ৰিশুলীয়া ঘাটৰ মাজৰ হনুমান মন্দিৰৰ ওচৰত ভক্তৰে ভৰ্তি বাছখন বাগৰি পৰে।
পাহাৰীয়া পথ হোৱাৰ বাবে নামি অহাৰ সময়ছোৱাত বাছখনৰ গতি অতি বেগি আছিল আৰু টাৰ্নিং লোৱাৰ সময়তে চালকজনে নিয়ন্ত্ৰণ হেৰুৱাছিল যাৰ বাবে বাছখন বাগৰি পৰে । য’ত 4 জন লোকৰ মৃত্যু হয় আৰু ২৫ জনৰো অধিক লোক আহত হয় যাৰ ভিতৰত ৭ জন লোকৰ অৱস্থা সংকটজনক আছিল।
জানিবপৰা মতে, বাছখনত ৫০জনকৈ যাত্ৰী আছিল । বাছখনৰ চালকজনে মদ্যপান কৰি থকাৰ অভিযোগ উত্থাপন কৰে বাছখনৰ যাত্ৰীসকলে।
বাগৰি পৰা স্থানৰ কাষতে আছিল দ’ খাৱৈ, কিন্তু বাছখনে নিয়ন্ত্ৰণ হেৰুৱাই দেৱালত খুন্দা মাৰে যাৰ ফলত দ’ খাৱৈত পৰি যোৱাৰ পৰা ৰক্ষা পৰাৰ লগতে বহু লোকৰ জীৱন ৰক্ষা পৰে।
খবৰ পাই তৎক্ষণাত ঘটনাস্থলীত উপস্থিত হয় প্ৰশাসনিক অধিকাৰী। ওচৰতে থকা দান্তাৰ চিভিল হাস্পতালত ভৰ্তি কৰোৱা হয় আহতসকলক। পৰৱৰ্তী সময়ত আহতসকলক চিভিল হাস্পতালৰ পৰা পালনপুৰ হাস্পতাললৈ ৰেফাৰ কৰা হয়। ।