নিউজ ডেস্ক, ৮ অক্টোবৰঃ এক্সিট প’ল চাই আনন্দত আত্মহাৰা হৈ পৰিছিল কংগ্ৰেছ ৷ আয়োজন কৰিলে বহু কিবাকিবি । ভোজ-ভাতৰ আয়োজন কৰি নিমন্ত্ৰণ জনোৱা হ’ল বেণ্ড পাৰ্টীও ৷ হাৰিয়ানাত কংগ্ৰেছে চৰকাৰ গঠন কৰিবই বুলি নিশ্চিত হৈ থকা ভূপেন বৰায়ো (Bhupen Borah) আনন্দোৎসৱত অংশগ্ৰহণৰ বাবে চলাইছিল প্ৰস্তুতি ৷ কিন্তু নহ’ল! হাৰিয়ানাত বিজেপিয়ে সংখ্যাগৰিষ্ঠ আসন লাভ কৰি আগবাঢ়িছে ক্ৰমাগতভাৱে তৃতীয়বাৰৰ বাবে চৰকাৰ গঠনৰ দিশে (Haryana election result) ৷
লখিমপুৰত অথলে গ’ল প্ৰদেশ কংগ্ৰেছৰ সৰ্বস্ব আয়োজন (Lakhimpur Rajiv Bhawan) ৷ ভোজ-ভাতৰ মহায়োজন কৰি, বেণ্ড পাৰ্টীক মাতি অনা হ’ল যদিও সকলো সকলো মানুহ উভতি যাবলগীয়া হ’ল ৷ ইফালে ভূপেন বৰা আহিব, প্ৰতিক্ৰিয়া গ্ৰহণ কৰিব বুলি সংবাদ মাধ্যমৰ লোকো ৰৈ থকাতে থাকিল ৷ আহিব এতিয়া, আহিব এতিয়াকৈ নাহিল প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা ৷
ইফালে দুখ মনেৰে উভতি যাবলগীয়া হ’ল বেণ্ডপাৰ্টীৰ শিল্পীসকলো ৷ বহু দূৰ-দূৰণিৰ পৰা উত্তৰ লখিমপুৰ চহৰত কংগ্ৰেছৰ বিজয় উৎসৱত অংশ ল’বলৈ আহিল যদিও অনুষ্ঠানত অংশ ল’বলৈ নাপালে শিল্পীসকলে ৷ সকলো কাম-বন এৰি কংগ্ৰেছৰ বিজয় উৎসৱলৈ আহি দুখ মনেৰে উভতি যাবলগীয়া হ’ল বেণ্ড পাৰ্টীৰ শিল্পী ৷
কেৱল এয়াই নহয়, ইয়াৰ পূৰ্বেও হৈছিল অসম প্ৰদেশ কংগ্ৰেছৰ এনে অৱস্থা ৷ শেহতীয়াকৈ তিনিখন ৰাজ্যৰ নিৰ্বাচনৰ ফলাফলৰ সময়তো শোণিতপুৰ কংগ্ৰেছৰ কাৰ্যালয় তেজপুৰস্থিত(Tezpur) ৰাজীৱ ভৱনত ভোজ-ভাতৰ আয়োজন কৰা হৈছিল (Sonipur Rajiv Bhawan)৷ কিন্তু ফলাফলে সেই ভোজ খাবলৈ নিদিছিল কংগ্ৰেছকৰ্মীক ৷
অধিক বা-বাতৰিৰ বাবে সংযুক্ত হৈ থাকক ঈশান নিউজৰ সৈতে