নিউজ ডেস্ক, 9 অক্টোবৰঃ ৰাজ্যত শীৰ্ঘেই বিলুপ্ত হ’ব একচনীয়া মাটি (Eksonia land)। এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে অসম চৰকাৰে । মঙলবাৰে মুখ্যমন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma)ৰ পৌৰোহিত্যত অনুষ্ঠিত কেবিনেট বৈঠকত লোৱা হয় এই ঐতিহাসিক সিদ্ধান্ত ।
উল্লেখ্য যে 19 অক্টোবৰৰ পৰা মিছন বসুন্ধৰা 3.o আৰম্ভ হ’ব । এই কথা মঙলবাৰৰ কেবিনেট বৈঠকৰ অন্তত সংবাদেমলযোগে সদৰী কৰে মন্ত্ৰী কেশৱ মহন্তই (Minister Keshab Mahanta)। মিছন বসুন্ধৰাৰ তৃতীয়টো পৰ্যায়ৰ জৰিয়তে একচনীয়া মাটিৰ সমস্যাও সমাধান কৰি সেইসমূহ মাটিৰ বিপৰীতে গৰাকীক ম্যাদী পট্টা (Periodic Patta) প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰিছে অসম চৰকাৰে ।
মিছন বসুন্ধৰা নতুন সংস্কৰণৰ জৰিয়তে ৰাজ্য চৰকাৰে একচনীয়া মাটিৰ (Annual land Patta) সমস্যা সমাধান কৰি ম্যাদী পট্টা প্ৰদানৰ সিদ্ধান্ত উল্লেখ্যযোগ্য হিচাবে বিবেচিত হৈছে । কিয়নো পৰ্টেলৰ জৰিয়তে আবেদন কৰিয়েই একচনীয়া মাটিৰ গৰাকীয়ে লাভ কৰিব পাৰিব ম্যাদী পট্টা । ফলত সেই ভূমিৰ গৰাকীয়ে সেই ভূমিৰ ব্যৱহাৰ আৰু দখলৰ ক্ষেত্ৰত স্থায়ী আৰু স্থানান্তৰযোগ্য অধিকাৰ লাভ কৰিব । তদুপৰি ম্যাদী পট্টা লাভ কৰাৰ লগে লগে গৰাকীয়ে সেই ভূমিৰ বিপৰীতে বেংকৰ ঋণ লোৱাৰ লগতে মাটিখিনি লীজত দিয়া আদি অন্যান্য সুবিধাখিনিও লাভ কৰিব ।
অধিক বা-বাতৰিৰ বাবে সংযুক্ত হৈ থাকক ঈশান নিউজৰ সৈতে