Haryana Election Results : হাৰিয়ানাত পৰাজয়ৰ পিচত ৰাহুল গান্ধীৰ প্ৰথম প্ৰতিক্ৰিয়া, কাষ চাপিব নিৰ্বাচন আয়োগৰ

নিউজ ডেস্ক, ৯ অক্টোবৰঃ মঙলবাৰে ঘোষিত হ’ল হাৰিয়ানা বিধানসভা নিৰ্বাচনৰ ফলাফল । এক্সিট প’ল অনুসৰি সংখ্যাগৰিষ্ঠ আসন লাভ নকৰি ৯০ খন আসনৰ ৩৭ খন আসনতে সীমাবদ্ধ থাকিল কংগ্ৰেছ । বিপৰীতে বিজপি ৪৮ খন আসনত জয়ী হৈ চৰকাৰ গঠনৰ দিশে আগবাঢ়িল ।
মঙলবাৰৰ এই ফলাফলৰ পিচত বুধবাৰে প্ৰথমবাৰৰ বাবে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধী(Rahul Gandhi)য়ে । আশা কৰা অনুসৰি ফলাফল লাভ নকৰাৰ পিচত এক্স(পূৰ্বৰ টুইটাৰ)ত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কংগ্ৰেছ নেতাগৰাকীয়ে (Rahul Gandhi on Haryana election)।

সামাজিক মাধ্যমত কংগ্ৰেছ নেতাগৰাকীয়ে কয়, ” হাৰিয়ানাৰ অভাৱনীয় ফলাফলৰ কাৰণ আমি বিশ্লেষণ কৰি আছো । বহু বিধানসভা সমষ্টিৰ পৰা অহা অভিযোগৰ বিষয়ে নিৰ্বাচন আয়োগক অৱগত কৰোৱাম । হাৰিয়ানাৰ ৰাইজক সহায়-সহযোগিতা আৰু অক্লান্ত শ্ৰমৰ বাবে আমাৰ কৰ্মীসকলক আন্তৰিক ধন্যবাদ ।
আমি সামাজিক-অৰ্থনৈতিক ন্যায়, অধিকাৰ আৰু সত্যৰ বাবে সংগ্ৰাম অব্যাহত ৰাখিম আৰু আপোনালোকৰ কণ্ঠ হৈ থাকিম ।” (Rahul Gandhi X post)

ইফালে জম্মু-কাশ্মীৰৰ জনসাধাৰণক ধন্যবাদ জ্ঞাপন কৰে সাংসদ ৰাহুল গান্ধীয়ে (Jammu Kashmir Election Results)। জম্মু-কাশ্মীৰৰ ফলাফল ভাৰতৰ বিজয়, সংবিধানৰ বিজয়, গণতান্ত্ৰিক আত্মসন্মানৰ জয় বুলি অভিহিত কৰে কংগ্ৰেছ নেতাগৰাকীয়ে ।

অধিক বা-বাতৰিৰ বাবে সংযুক্ত হৈ থাকক ঈশান নিউজৰ সৈতে

CONGRESSElection result 2024Rahul Gandhiৰাহুল গান্ধী
Comments (0)
Add Comment