Sunita Williams : মহাকাশৰ পৰাই ভোট দিব সুনীতা উইলিয়ামছে, কিন্তু কি পদ্ধতিৰে ?

নিউজ ডেস্ক, ৯ অক্টোবৰঃ ৫ জুনৰ পৰা আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰ(International Space Station)তে আছে ভাৰতীয় মূলৰ মহাকাশচাৰী সুনীতা উইলিয়ামছ । ইফালে ৫ নৱেম্বৰত অনুষ্ঠিত হ’ব আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি নিৰ্বাচন (US presidential election)। উক্ত নিৰ্বাচনত ভোটদান কৰিবলৈ সাজু হৈছে নাছাৰ মহাকাশচাৰীগৰাকী । মহাকাশৰ পৰাই ভোটদান কৰিব সুনীতা উইলিয়ামছে । কেৱল সুনীতা উইলিয়ামছেই নহয়, সহযোগী মহাকাশচাৰী বাচ্চ উইলমোৰেও আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিৰ্বাচনত অংশগ্ৰহণ কৰিব ।

উল্লেখ্য যে ১২ ছেপ্টেম্বৰত সুনীতা উইলিয়ামছে এই ভোটদানৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰিছিল । মহাকাশচাৰীগৰাকীয়ে কৈছিল, “নাগৰিক হিচাপে আমাৰ ই এটা অতি গুৰুত্বপূৰ্ণ কৰ্তব্য । মই মহাকাশৰ পৰাই ভোটদান কৰিবলৈ সক্ষম হম বুলি আশা কৰি আছোঁ । ই সম্ভৱ হ’ব ।”

কিদৰে মহাকাশৰ পৰা কৰিব ভোটদান ?

বিদেশত বাস কৰা আমেৰিকা যুক্তৰাষ্ট্ৰৰ নাগৰিকৰ বাবে থকা এক নিৰ্দিষ্ট প্ৰক্ৰিয়া অনুসৰণ কৰি ভোটদান কৰিব সুনীতা উইলিয়ামছে । প্ৰথম পৰ্যায়ত তেওঁ বেলটৰ বাবে ফেডাৰেল পোষ্ট কাৰ্ড আবেদন দাখিল কৰিব । এই ভোটাধিকাৰ লাভ কৰাৰ পিচত সুনীতাই আই এছ এছ কম্পিউটাৰ প্ৰণালী ব্যৱহাৰ কৰি বৈদ্যুতিকভাৱে সাব্যস্ত কৰিব ভোটাধিকাৰ । নাছাৰ অত্যাধুনিক মহাকাশ যোগাযোগ আৰু নেভিগেশ্যন প্ৰগ্ৰামে তেওঁৰ ভোট প্ৰেৰণত সহায় কৰিব ।

এনক্ৰিপ্টেড বেলট নাছাৰ স্পেচ নেটৱৰ্কৰ জৰিয়তে প্ৰেৰণ কৰা হ’ব ট্ৰেকিং আৰু ডাটা ৰিলে উপগ্ৰহ প্ৰণালী ব্যৱহাৰ কৰি । হিউষ্টনৰ জনছন স্পেছ চেণ্টাৰৰ মিছন নিয়ন্ত্ৰণ কেন্দ্ৰলৈ সুনীতা উইলিয়ামছৰ ভোট সুৰক্ষিতভাৱে স্থানান্তৰ কৰাৰ পূৰ্বে নিউ মেক্সিকোস্থিত নাছাৰ হোৱাইট ছেণ্ডছ টেষ্ট ফেচিলিটিৰ গ্ৰাউণ্ড এণ্টেনালৈ প্ৰেৰণ কৰা হ’ব । তাৰ পিচত এনক্ৰিপ্ট কৰা বেলট কাউণ্টি কেৰাণীলৈ প্ৰেৰণ কৰা হ’ব । এই বেলট কেৱল সুনীতা উইলিয়ামছ আৰু কাউণ্টি ক্লাৰ্কেহে লাভ কৰিব ।

উল্লেখ্য যে উইলিয়ামছৰ দৰে মহাকাশচাৰীসকল পৃথিৱীৰ সৈতে সংযুক্ত হৈ থকাটো নাছা(NASA)ই নিশ্চিত কৰিছে । লগতে এইটোতো গুৰুত্ব দিয়া হৈছে যাতে মহাকাশত থাকিও যাতে তেওঁলোকে নাগৰিকৰ কৰ্তব্য পালন কৰিব পাৰে (Vote from space)।

১৯৯৭ চনৰ পৰা মহাকাশৰ পৰা ভোটদানৰ প্ৰক্ৰিয়া চলি আহিছেঃ

কেৱল সুনীতা উইলিয়ামছেই যে মহাকাশৰ পৰা ভোটদান কৰিব তেনে নহয় । ১৯৯৭ চনতে প্ৰথমবাৰৰ বাবে মহাকাশৰ ভোটদান কৰা হৈছিল । টেক্সাছ আইনসভাই নাছাৰ মহাকাশচাৰীসকলক কক্ষপথৰ পৰা ভোটদানৰ অনুমতিৰ বিধেয়ক গৃহীত কৰিছিল । মহাকাশৰ পৰা ভোট দিয়া প্ৰথমগৰাকী আমেৰিকান মহাকাশচাৰী আছিল ডেভিদ উল্ফ । ৰাছিয়ান মিৰ স্পেচ ষ্টেচনৰ পৰাই তেওঁ ভোটাধিকাৰ সাব্যস্ত কৰিছিল । শেহতীয়াকৈ ২০২০ চনত কেট ৰুবিনছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি নিৰ্বাচনতো আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰৰ পৰা ভোটদান কৰিছিল ।

উল্লেখ্য যে নাছাই মহাকাশচাৰীসকলৰ বাবে ইলেক্ট্ৰনিক বেলট আই এছ এছলৈ প্ৰেৰণ কৰে । তাৰ পিচত এক প্ৰক্ৰিয়াৰ জৰিয়তে সেই বেলট পৃথিৱীলৈ প্ৰেৰণ কৰা হয় ।

অধিক বা-বাতৰিৰ বাবে সংযুক্ত হৈ থাকক ঈশান নিউজৰ সৈতে

International Space StationNASASunita Williamsসুনীতা উইলিয়ামছ
Comments (0)
Add Comment