University Rankings: প্ৰকাশ পালে ৱৰ্ল্ড ইউনিভাৰ্ছিটী ৰেংকিং-২০২৫

নিউজ ডেস্ক, ১০ অক্টোবৰঃ টাইমছ হায়াৰ ইডুকেশ্যনে প্ৰকাশ কৰিলে ৱৰ্ল্ড ইউনিভাৰ্ছিটী ৰেংকিং-২০২৫ । য’ত স্থান লাভ কৰিছে বিশ্বৰ ২০০০ খনতকৈও অধিক বিশ্ববিদ্যালয়ে । শিক্ষণ পৰিৱেশ, গৱেষণাৰ পৰিৱেশ, গৱেষণাৰ মানদণ্ড, আন্তঃৰাষ্ট্ৰীয় দৃষ্টিভংগী আৰু উদ্যোগ এই পাঁচটা ক্ষেত্ৰত ভাগ কৰি স্থান নিৰ্ধাৰণ কৰা হৈছে বিশ্ববিদ্যালয়সমূহক ।

বিশ্বৰ বিশ্ববিদ্যালয়সমূহৰ ভিতৰত স্থান লাভ কৰিছে ভাৰতৰো ১০ খন বিশ্ববিদ্যালয়ে । অৱশ্যে এইবাৰৰ তালিকাৰ শীৰ্ষ ১০০ খন বিশ্ববিদ্যালয়ৰ ভিতৰত স্থান লাভ নকৰিলে ভাৰতৰ এখনো বিশ্ববিদ্যালয়ে । তদুপৰি তালিকাত নাই অসমৰ এখনো বিশ্ববিদ্যালয় ।
ৱৰ্ল্ড ইউনিভাৰ্ছিটী ৰেংকিং-২০২৫ত স্থান লাভ কৰা ভাৰতৰ বিশ্ববিদ্যালয় ১০ খন হ’লঃ

আই আই এছ চি বাংগালুৰু : ২৫১-৩০০ বেণ্ড
আন্না বিশ্ববিদ্যালয় : ৪০১-৫০০ বেণ্ড
মহাত্মা গান্ধী বিশ্ববিদ্যালয় : ৪০১-৫০০ বেণ্ড
সবিতা ইনষ্টিটিউট অৱ মেডিকেল এণ্ড টেকনিকেল ছায়েন্স : ৪০১-৫০০ বেণ্ড
শ্বুলিনি জৈৱ প্ৰযুক্তি আৰু ব্যৱস্থাপনা বিজ্ঞান বিশ্ববিদ্যালয় : ৪০১-৫০০ বেণ্ড
আই আই টি ইন্দোৰ : ৫০১-৬০০ বেণ্ড
জামিয়া মিলিয়া ইছলামিয়া : ৫০১-৬০০ বেণ্ড
ইউ পি এছ : ৫০১-৬০০ বেণ্ড
আলিগড় মুছলিম বিশ্ববিদ্যালয় : ৬০১-৮০০ বেণ্ড
বেনাৰস হিন্দু বিশ্ববিদ্যালয় : ৬০১-৮০০ বেণ্ড

ভাৰতৰ এই দহখন ভাৰতীয় বিশ্ববিদ্যালয়ৰ ভিতৰত শীৰ্ষস্থানত আছে আই আই এছ চি বাংগালুৰু । যি ২৫১-৩০০ বেণ্ড লাভ কৰিছে ।

অধিক বা-বাতৰিৰ বাবে সংযুক্ত হৈ থাকক ঈশান নিউজৰ সৈতে

University Rankingশীৰ্ষ বিশ্ববিদ্যালয়
Comments (0)
Add Comment