নিউজ ডেস্ক, ১৩ অক্টোবৰঃ গুজৰাটত অসুস্থ হৈ পৰিল অসমৰ পৰা যোৱা ৪৩ গৰাকী তীৰ্থযাত্ৰী । দ্বাৰকালৈ যোৱা তীৰ্যযাত্ৰীসকলক ভৰ্তি কৰোৱা হয় চিকিসালয়ত । খাদ্য বিষক্ৰিয়াত তীৰ্যযাত্ৰীসকল অসুস্থ হোৱা বুলি জানিবপৰা গৈছে ।
বহিঃৰাজ্যত অসুস্থ হৈ পৰা তীৰ্যযাত্ৰীসকললৈ সহায়ৰ হাত আগবঢ়ায় অসম চৰকাৰ আৰু বজালী প্ৰশাসনে । অত্যাৱশ্যকীয় চিকিৎসা সাহায্য প্ৰদান কৰা জামনগৰৰ স্থানীয় প্ৰশাসন আৰু আৰক্ষীৰ শলাগ লয় তীৰ্থযাত্ৰীসকলে ।
সকলো বয়সৰ লোকেই এই বিষক্ৰিয়াত আক্ৰান্ত হোৱা বুলি জানিব পৰা গৈছে । ইয়াৰে এগৰাকী তীৰ্থযাত্ৰীৰ বাহিৰে বাকী সকলো সুস্থ হৈ উঠিছে ।
অধিক বা-বাতৰিৰ বাবে সংযুক্ত হৈ থাকক ঈশান নিউজৰ সৈতে