নিউজ ডেস্ক, ১৫ অক্টোবৰঃ ভাৰতৰ প্ৰতিৰক্ষা খণ্ডক অধিক শক্তিশালী কৰাৰ স্বাৰ্থত আমেৰিকাৰ কাষ চপা হৈছে । মঙলবাৰে স্বাক্ষৰিত এক চুক্তি অনুসৰি আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা ভাৰতে ক্ৰয় কৰিব ৩১ খন প্ৰিডেটৰ ড্ৰোণ ।
৩৪,৫০০ কোটি টকা ব্যয়েৰে এই ড্ৰোণকেইখন ক্ৰয় কৰা হ’ব দেশৰ প্ৰতিৰক্ষা খণ্ডৰ বাবে । আমেৰিকাৰ প্ৰতিৰক্ষা মেজৰ জেনেৰেল এটমিকছৰ পৰা ড্ৰ’নকেইখন ক্ৰয় কৰা হ’ব বুলি মঙলবাৰে বিষয়াসকলে প্ৰকাশ কৰে ।
ইয়াৰে ভাৰতীয় নৌসেনাই ১৫খন ছী গাৰ্ডিয়ান ড্ৰোণ লাভ কৰাৰ বিপৰীতে ভাৰতীয় বায়ুসেনা আৰু সেনাই লাভ কৰিব আঠখনকৈ স্কাই গাৰ্ডিয়ান ড্ৰোন। চুক্তি কৰা ৩২০০০ কোটি টকাৰ অধীনতে ভাৰতত ড্ৰোণকেইখন মেৰামতি আদিৰ সুবিধাও ভাৰততে প্ৰদান কৰা হ’ব । উল্লেখ্য যে যোৱা সপ্তাহত কেবিনেটে এই ড্ৰোণকেইখন ক্ৰয়ৰ বাবে অনুমতি প্ৰদান কৰিছিল ।
বিশেষকৈ চীন সীমান্তত ব্যৱহাৰৰ বাবে এই ড্ৰোণকেইখন ক্ৰয় কৰা হৈছে । যি সশস্ত্ৰ বাহিনীৰ নিৰীক্ষণ সঁজুলি কঢ়িয়াই নিব । উল্লেখ্য যে ২০২২ চনৰ জুলাইত আল-কায়ডা নেতা আয়মান আল-জাৱাহিৰীৰ বিৰুদ্ধে চলা অভিযানতো এনে এমকিউ-9বি ড্ৰোণ ব্যৱহাৰ কৰা হৈছিল ।
অধিক বা-বাতৰিৰ বাবে সংযুক্ত হৈ থাকক ঈশান নিউজৰ সৈতে