পাকিস্তানত উপস্থিত ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী

নিউজ ডেস্ক, ১৫ অক্টোবৰঃ সুদীৰ্ঘ ৯ বছৰৰ পিচত পাকিস্তানত উপস্থিত হল ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী । ছাংহাই সহযোগিতা সংস্থাৰ সন্মিলনত অংশগ্ৰহণ কৰিবলৈ মঙলবাৰে ইছলামবাদত উপস্থিত হয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰী সুব্ৰহ্মণ্যম জয়শংকৰ । শেষবাৰৰ বাবে ২০১৫ চনত সুষমা স্বৰাজে পাকিস্তান ভ্ৰমণ কৰিছিল ।

মঙলবাৰে এছ জয়শংকৰ পাকিস্তানৰ নুৰ খান বিমানবন্দৰ্ত উপস্থিত হোৱাৰ পিচতে দেশখনৰ উচ্চপদস্থ বিষয়াই তেওঁক আদৰণি জনায় । উল্লেখ্য যে ১৫ আৰু ১৬ অক্টোবৰত পাকিস্তানত অনুষ্ঠিত হৈছে এছ চিঅ’ কাউন্সিল অৱ হেডছ অৱ গভৰ্ণমেণ্টৰ শীৰ্ষ সন্মিলন । দুদিনীয়া বৈঠকখনত অৰ্থনীতি, বাণিজ্য, পৰিৱেশ আৰু আৰ্থ-সাংস্কৃতিক সংযোগৰ ক্ষেত্ৰত সহযোগিতা সন্দৰ্ভত আলোচনা কৰা হ’ব ।

এছ জৈশংকৰে পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফে আয়োজন কৰা ভোজমেলতো অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে । অৱশ্যে এছ জয়শংকৰ আৰু পাকিস্তানৰ বৈদেশিক মন্ত্ৰী ইছহাক দাৰে মাজত কোনোধৰণৰ দ্বিপাক্ষিক আলোচনা নহয় । ইপালে ইছলামবাদত অনুষ্ঠিত হোৱা ২৩ সংখ্যক এছচিঅ’ শীৰ্ষ সন্মিলনৰ বাবে অহা অতিথিসকলৰ সুৰক্ষা আৰু নিৰাপত্তা নিশ্চিত কৰিবলৈ পাকিস্তানে বিশেষ নিৰাপত্তা ব্যৱস্থা গঢ়ি তুলিছে ।

নিৰাপত্তাজনিত কাৰণত ইছলামবাগ আৰু ৰাৱালপিণ্ডিত বহু ব্যৱসায়িক প্ৰতিষ্ঠান সাময়িকভাৱে বন্ধ কৰি দিয়া হৈছে । তদুপৰি মূল পথসমূহ বন্ধ কৰা হৈছে । এই অনুষ্ঠানৰ বাবে আহিবলগীয়া প্ৰায় ৯০০ প্ৰতিনিধিৰ নিৰাপত্তাৰ বাবে পাকিস্তান চৰকাৰে ১০ হাজাৰৰো অধিক আৰক্ষী আৰু অৰ্ধসামৰিক জোৱান নিয়োগ কৰিছে ।

Comments (0)
Add Comment