নিউজ ডেস্ক, ১৫ অক্টোবৰঃ মঙলবাৰে পালন কৰা হৈছে বিশ্ব ছাত্ৰ দিৱস । মিছাইল মেন ড এ পি জে আব্দুল কালামৰ জন্মদিনৰ লগত সংগতি ৰাখি এই দিৱস পালন কৰা হয় ।
ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি তথা প্ৰয়াত শিক্ষক, এৰ’স্পেচ বিজ্ঞানীগৰকাৰী জন্মদিনটো বিশ্ব ছাত্ৰ দিৱস (World students day) হিচাবে পালন কৰি শিক্ষাৰ ক্ষেত্ৰখনলৈ তেওঁৰ উল্লেখযোগ্য অৱদান আৰু যুৱক-যুৱতীসকলৰ সৈতে তেওঁৰ গভীৰ সম্পৰ্কক সন্মান জনোৱা হয় । ১৫ অক্টোবৰটোত এই দিৱস পালনৰ জৰিয়তে বিশ্বজুৰি ছাত্ৰ-ছাত্ৰীক গঢ় দিয়াৰ ক্ষেত্ৰত শিক্ষাৰ ভূমিকাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয় । তদুপৰি ছাত্ৰ-ছাত্ৰীসকলৰ সপোন পূৰণৰ বাবে উৎসাহিত কৰা হয় ।
উল্লেখ্য যে ১৯৩১ চনৰ ১৫ অক্টোবৰত জন্মগ্ৰহণ কৰিছিল মিছাইল মেন হিচাবে খ্যাত এ পি জে আব্দুল কালামে (APJ Abdul Kalam)। ড০ কালামে ২০০২ চনৰ পৰা ২০০৭ চনলৈ ভাৰতৰ একাদশ ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল । ভাৰতৰ মহাকাশ আৰু ক্ষেপণাস্ত্ৰ কাৰ্যসূচী আগবঢ়াই নিয়াত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল বিজ্ঞানীগৰাকীয়ে ।
ছাত্ৰ-ছাত্ৰীৰ প্ৰগতি আৰু বিকাশৰ প্ৰতি এ পি জে আব্দুল কালামে সমগ্ৰ জীৱন সমৰ্পন কৰাৰ স্বীকৃতি স্বৰূপে ৰাষ্ট্ৰসংঘই ১৫ অক্টোবৰ দিনটো বিশ্ব ছাত্ৰ দিৱস হিচাপে ঘোষণা কৰিছিল ।
অধিক বা-বাতৰিৰ বাবে সংযুক্ত হৈ থাকক ঈশান নিউজৰ সৈতে