নিউজ ডেস্ক, ২১ অক্টোবৰঃ সোমবাৰে বিজেপিয়ে ১০ কোটি সদস্যভৰ্তি সম্পূৰ্ণ কৰিলে । ইফালে দলটোৱে ১১ কোটি সদস্য অতিক্ৰম কৰাৰ লক্ষ্য বান্ধি লৈছে । ১১ অক্টোবৰৰ পৰা আৰম্ভ হোৱা এই সদস্যভৰ্তি অভিযান অক্টোবৰৰ শেষলৈকে অব্যাহত থাকিব । তাৰ পিচত ১ নৱেম্বৰৰ পৰা ৫ নৱেম্বৰলৈ উক্ত সদস্যৰ নিৰীক্ষণ প্ৰক্ৰিয়া অনুষ্ঠিত হ’ব । উল্লেখ্য যে ১০০ টকাৰ অনুদান দিয়াৰ পিচত সদস্যসকলে সদস্যৰ প্ৰমাণপত্ৰ লাভ কৰিব ।

সক্ৰিয় সদস্যপদ অভিযানৰ সুবিধাৰ বাবে সোমবাৰে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাৰ নেতৃত্বত এখন কৰ্মশালাৰ আয়োজন কৰা হয় । এই কৰ্মশালাত স্থান লাভ কৰে বিজেপিৰ মণ্ডল, জিলা, ৰাজ্য আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ নিৰ্বাচনে । উল্লেখ্য যে জানুৱাৰীত অনুষ্ঠিত হ’ব বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিৰ নিৰ্বাচন ।

BJPBJP Membershipবিজেপি সদস্যভৰ্তি
Comments (0)
Add Comment