নিউজ ডেস্ক, ২১ অক্টোবৰঃ এইমছ(AIIM Guwahat)ৰ বাবে প্ৰয়োজনীয় অতিৰিক্ত ভূমিত উচ্ছেদ চলাবলৈ গৈ ভূমিৰ গৰাকীৰ বাধাৰ সন্মুখীন হৈছে প্ৰশাসন । চাংসাৰীবাসীয়ে ক্ষোভ উজাৰিছে উচ্ছেদকাৰী প্ৰশাসনৰ বিৰুদ্ধে । অভিযোগ অনুসৰি সঠিকভাৱে জাননী নিদিয়াকৈ প্ৰশাসনে চলাবলৈ লৈছে এই উচ্ছেদ ।
বৃহৎসংখ্যক আৰক্ষী-অৰ্ধসামৰিক বাহিনীৰ লোকৰ উপস্থিতিত সোমবাৰে চাংসাৰীত আৰম্ভ হ’ল প্ৰশাসনৰ উচ্ছেদ অভিযান । কিন্তু মাত্ৰ এদিন পূৰ্বে দেৱালত জাননী লগায়েই উচ্ছেদ অভিযান আৰম্ভ কৰা বুলি উচ্ছেদ চলা ম্যাদী মাটিৰ গৰাকীয়ে অভিযোগ উত্থাপন কৰিছে (Eviction in Sangsari)। কিন্তু সেই জাননীত উচ্ছেদ চলিব বুলি নহয়, খালী কৰাৰ বাবে নিৰ্দেশ দিয়া হৈছিল বুলি মন্তব্য কৰিছে ভূমিৰ গৰাকীয়ে ।
মাটিৰ গৰাকীয়ে জনোৱা অনুসৰি কোনোধৰণৰ আলোচনা নকৰাকৈয়েই এই উচ্ছেদ অভিযান আৰম্ভ কৰা হৈছে । গতিকে কোনো কাৰণতে ম্যাদী মাটি এৰি নিদিয়াৰ হুংকাৰ দিছে ভূমিৰ গৰাকীয়ে । তদুপৰি উচ্ছেদ চলা এলেকাত আছে বহু ব্যৱসায়িক প্ৰতিষ্ঠান । গৃহ নিৰ্মাণৰ বাবে অনুমোদন লাভ কৰা এলেকাত উচ্ছেদ চলোৱা কাৰ্যক গৰিহণা দিছে গৰাকীয়ে ।
ইফালে ভূমিৰ গৰাকীৰ এনে বিৰোধৰ বিপৰীতে মন্তব্য প্ৰকাশ কৰিছে কামৰূপ জিলাৰ অতিৰিক্ত আয়ুক্তই । তেওঁ কয়, “২০১৭-১৮ চনৰ পৰাই এই প্ৰক্ৰিয়া চলি আছে । সকলোলৈকে জাননী দিয়া হৈছে । কিন্তু কোনো লোক যাতে ভূমিহীন নহয়, তাৰ প্ৰতি লক্ষ্য কৰা হৈছে । এইমছক প্ৰথমে ৫৭১ বিঘা মাটি দিয়া হৈছিল । কিন্তু তাৰ পিচতো পুনৰ কিছু মাটিৰ প্ৰয়োজন হৈছিল । তাৰ বাবে ১৮ বিঘা মাটি ধাৰ্য কৰা হৈছিল । ডাক্তৰ, নাৰ্ছৰ কোৱাটাৰৰ বাবে মাটিখিনিৰ প্ৰয়োজন হৈছিল । মাটিখিনিৰ বাবদ ২০২৪ চনৰ এপ্ৰিলত টকা আৱন্টিত হৈছিল । মাটিৰ পট্টাদাৰসকলক টকাখিনি দিয়া হ’ব ।”
অধিক বা-বাতৰিৰ বাবে সংযুক্ত হৈ থাকক ঈশান নিউজৰ সৈতে