ফ্লপ হ’ব নেকি নেকি জয় হনুমেন ? পৰিচালকৰ অকপট স্বীকাৰোক্তি

নিউজ ডেস্ক, ২১ অক্টোবৰঃ ১৮ অক্টোবৰত মুক্তি লাভ কৰিছিল বহুচৰ্চিত অসমীয়া ছবি ‘জয় হনুমেন’এ (Joi Honu Man)। ব্যতিক্ৰমী চিন্তাধাৰাৰে সৃষ্টিশীল কৰ্ম কৰি জনপ্ৰিয় হৈ পৰা হিমাংশু প্ৰসাদ দাসৰ পৰিচালনাৰে নিৰ্মাণ কৰা হৈছিল ছবিখন । অসমৰ ইমূৰৰ পৰা সিমূৰলৈ মূল চৰিত্ৰটোক লগত লৈ প্ৰচাৰ চলাইছিল ছবিখনৰ কলা-কুশলীসকলে ।


ছবিখনৰ নাম ঘোষণা হোৱাৰ পিচৰে পৰা নামটোক লৈ কোনো কোনোৱে নেতিবাচক মন্তব্য প্ৰকাশ কৰাও দেখা গৈছিল । তথাপি অসমীয়া ছবিৰ দৰ্শকে আশা কৰিছিল যে হিমাংশু প্ৰসাদ দাসৰ ছবি যেতিয়া নিশ্চয় ভাল হ’ব । কিয়নো ইতিমধ্যে ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ স্নাতক হিমাংশু প্ৰসাদ দাসে নিৰ্মাণ কৰিছিল ছাকিৰা আহিব বকুল তলৰ বিহুলৈৰ পৰা শেহতীয়াকৈ বুলু ফিল্মলৈকে বহুকেইখন সফল ছবি ।

হিমাংশু প্ৰসাদ দাসৰ পৰিচালনাৰ পূৰ্বৰ কেউখন ছবিয়েই দৰ্শকৰ বিপুল সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিল ।
কিন্তু জয় হনুমেনৰ ক্ষেত্ৰত যেন সেয়া নহ’ল । যি কথা খোদ পৰিচালকগৰাকীয়েই সামাজিক মাধ্যমযোগে প্ৰকাশ কৰিছে ।

অকপট স্বীকাৰোক্তি প্ৰদান কৰি হিমাংশু প্ৰসাদ দাসে কয়- “এই ছবিখন ব্যৱসায়িকভাৱে ব্যৰ্থ হ’বলৈ গৈ আছে । যাক ফ্লপ বুলি কোৱা হয় । ছবিখনে ১০০ শতাংশ লোকক সন্তুষ্টি দিব পৰা নাই । কিন্তু ছবিখন চোৱা প্ৰায় ৯৫ শতাংশ লোকে চিনেমাখনৰ প্ৰশংসা কৰিছে । তথাপি ছবিখনে ভবাৰ দৰে দৰ্শক পাবলৈ সক্ষম হোৱা নাই ।”
পৰিচালকগৰাকীয়ে লগতে কয়,”ইমানদিনে জানি আহিছিলোঁ যে ভাল বুলি বজাৰত ওলাই যোৱাৰ পিচত চিনেমা চাবলৈ নতুন নতুন দৰ্শক আহে । কিন্তু হনুমেনৰ ক্ষেত্ৰত সেয়া কিয় হোৱা নাই এতিয়ালৈকে ধৰিব পৰা নাই । আপোনালোকৰ মনলৈ যদি এই বিষয়ে কিবা চিন্তা আহিছে, জনাব পাৰে ।”

অধিক বা-বাতৰিৰ বাবে সংযুক্ত হৈ থাকক ঈশান নিউজৰ সৈতে

Comments (0)
Add Comment