মহিলা নেত্ৰীৰ বিৰুদ্ধে অশালীন মন্তব্য ! সাংসদৰ বিৰুদ্ধে এজাহাৰ

নিউজ ডেস্ক, ১ নৱেম্বৰঃ পুনৰ এক বিতৰ্কিত শব্দই তোলপাৰ লগাইছে দেশৰ ৰাজনীতি । গোচৰ ৰুজু কৰা হৈছে শিৱসেনা(উদ্ধৱ থাকৰে)ৰ সাংসদৰ বিৰুদ্ধে ।

উল্লেখ্য যে শিৱসেনা পাৰ্টীয়ে শুকুৰবাৰে সাংসদ অৰবিন্দ সাৱন্তৰ বিৰুদ্ধে মহাৰাষ্ট্ৰৰ নাগাপাদা থানাত দলটোৱে নেত্ৰী ছাইনা এন চিয়ে এজাহাৰ দাখিল কৰে । নেত্ৰীগৰাকীক অৰবিন্দ সাৱন্তে ‘আমদানিকৃত মাল’ হিচাবে অভিহিত কৰাৰ পিছতে ৰোষত পৰে সাংসদগৰাকী । শিৱসেনাৰ নেত্ৰীগৰাকীৰ বিৰুদ্ধে অৰবিন্দ সাৱন্তে কৈছিল যে- “তেওঁৰ অৱস্থা চাওক । গোটেই জীৱন বিজেপিত আছিল আৰু এতিয়া আন এটা দললৈ গৈছে। ইয়াত আমদানিকৃত ‘মাল’য়ে কাম নকৰে, ইয়াত কেৱল অৰিজিনেল ‘মাল’য়ে কাম কৰে ।”

এই বিতৰ্কিত মন্তব্যৰ পিছতে নেত্ৰীগৰাকীয়ে কয়, “অৰবিন্দ সাৱন্তই মোক আগতে প্ৰচাৰৰ বাবে লগত লৈ গৈছিল আৰু এতিয়া মই ‘আমদানিকৃত মাল’? মই আপোনাৰ মাল নহয় । মই নাগপাডা থানালৈ গৈ অভিযোগ দাখিল কৰিছো ।”

MP Arvind SawantShaina NCছাইনা এন চি
Comments (0)
Add Comment