এ টি এমত সহায় কৰাৰ চলেৰে কি কৰে আমিৰুল-ইঞ্জামূমূলে ?

নিউজ ডেস্ক, ১১ নৱেম্বৰঃ ঠগ-প্ৰৱঞ্চকে পিতপিতাই ফুৰিছে আপোনাৰ চাৰিওফালে । প্ৰযুক্তি যিমানেই বৃদ্ধি পাইছে, সিমানেই কৌশল সলাইছে প্ৰৱঞ্চকে । সাৱধান নহ’লে যিকোনো মুহূৰ্তত পানীত পৰিব আপোনাৰ কষ্টোপাৰ্জিত সাঁচতীয়া ধন । গুৱাহাটী মহানগৰীৰ কথা এইক্ষেত্ৰত নতুনকৈ ক’বলগীয়া নাই । দৈনিক পোহৰলৈ আহে প্ৰৱঞ্চনাৰ খবৰ ।


সাৱধান হওক এটিএমৰ পৰা ধন উলিৱাৰ সময়ত । প্ৰৱঞ্চকৰ বিশেষ চকু এতিয়া এ টি এমলৈ যোৱা গ্ৰাহকৰ ওপৰত । ভুলতো অচিনাকি লোকৰ সহায় নিবিচাৰিব এ টি এমত । কৌশলেৰে আপোনাৰ এ টি এম কাৰ্ড, কাৰ্ডৰ পিন নম্বৰ সৰকাই ৰাম টাঙোন দিব পাৰে আপোনাৰ মূৰত । পাৰে নহয়, তেনেধৰণৰ প্ৰৱঞ্চনা কৰা তিনিটা প্ৰৱঞ্চকক শেহতীয়াকৈ কৰায়ত্ত কৰিছে মহানগৰীৰ গড়চুক আৰক্ষীয়ে ।

এ টি এমত বৃ্দ্ধ-বৃদ্ধা গ্ৰাহকক সহায় কৰাৰ চলেৰে চকুৰ পলকতে এ টি এম কাৰ্ড সলাই ৰামঠগন দি আহিছিল প্ৰৱঞ্চক তিনিটাই । এ টি এম কাৰ্ড সৰকাই লুটি লৈ যায় সমস্ত ধন । আৰক্ষীৰ জালত পৰা প্ৰৱঞ্চক তিনিটা হ’ল বৰপেটাৰ আমিৰুল আলী, ইঞ্জামূমূল খান আৰু এজন কিশোৰ ।


আটকাধীন প্ৰৱঞ্চক তিনিটাৰ পৰা আৰক্ষীয়ে জব্দ কৰিছে ২০ খনকৈ এ টি এম কাৰ্ড, ৮ খন ছিম কাৰ্ডৰ লগতে এটা ছোৱাইপ মেচিন । ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে গড়চুক আৰক্ষীয়ে ।

ATM fraudGorchuk Police StationGuwahati fraud news
Comments (0)
Add Comment