দোমোজাত শ শ পৰীক্ষাৰ্থী, পল্টন বজাৰ ৰে’লৱে ষ্টেছনত হাহাকাৰ

গুৱাহাটী, ১৪ নৱেম্বৰঃ  গুৱাহাটীৰ পল্টন বজাৰ ৰে’ল ষ্টেছনত সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতিৰ ৷ ৰে’লসেৱা বাতিলৰ পিছৰ পৰাই নিবনুৱাসকলৰ মাজত লাগিছে হাহাকাৰ ৷

উল্লেখ্য যে ১৫ নৱেম্বৰত শিলচৰত অনুষ্ঠিত হ’ব সেনাবাহিনীৰ নিযুক্তি পৰীক্ষা ৷ ইতিমধ্যে লাখ লাখ যুৱকে আবেদন কৰিছে এই নিযুক্তি পৰীক্ষাৰ বাবে ৷ সেয়েহে পৰীক্ষাৰ পূৰ্বে ৰে’লসমূহ বাতিল কৰি দিয়াৰ পিছতে এতিয়া উত্তেজিত হৈ পৰিছে শ শ যুৱক ৷

সেনা বাহিনীৰ নিযুক্তি পৰীক্ষাৰ ইন্টাৰভিউ দিবলৈ আহি বিপাঙত পৰিছে বিভিন্ন স্থানৰ পৰা অহা পৰীক্ষাৰ্থীসকল ৷ বৰ্তমান এক হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হৈছে পল্টন বজাৰ ৰে’ল ষ্টেছনত ৷ গুৱাহাটী শিলচৰ এক্সপ্ৰেছ ৰে’ল বাতিলৰ পিছতে প্ৰতিবাদত নামি পৰিছে একাংশ যুৱক ৷

ঘটনাস্থলীত উপস্থিত হৈও পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষী ৷ পূৰ্বতে যেনেকৈ নিযুক্তি পৰীক্ষাসমূহ অনুষ্ঠিত কৰা হৈছিল এইবাৰো তেনেদৰে অনুষ্ঠিত কৰা হ’বনে ?  নে অথলে যাব পৰীক্ষাৰ্থীসকলৰ দীৰ্ঘদিনীয়া অনুশীলন ? তাক লৈ উত্থাপিত হৈছে প্ৰশ্ন ৷

Guwahati Railwaya StationIndian Army RecruitmentPaltan Bazar
Comments (0)
Add Comment