বাঘে লগ এৰা নাই কলিয়াবৰক, বনৰজাৰ মুক্ত বিচৰণ হৈ পৰিছে সাধাৰণ ঘটনা !

কলিয়াবৰ, ১৯ নৱেম্বৰঃ কলিয়াবৰত এতিয়াও অন্ত পৰা নাই বাঘৰ ন্ত্ৰাস ৷ বনৰজাৰ মুক্ত বিচৰণ যেন এতিয়া কলিয়াবৰত সাধাৰণ ঘটনা হৈ পৰিছে । দীৰ্ঘদিনৰ পৰা নিয়মীয়াকৈ কলিয়াবৰত বিচৰণ কৰি ফুৰিছে কেবাটাও বাঘে ৷

সোমবাৰে কলিয়াবৰত পুনৰ বাঘে চলালে ন্ত্ৰাস ৷ পুৱতি নিশাতে কলং নৈৰ পাৰে পাৰে বনৰজাই কৰিলে মুক্ত বিচৰণ ৷ ইয়াৰ পিছতে কলং নৈৰ পাৰৰ স্থানীয় লোকে প্ৰত্যক্ষ কৰিলে ঢেঁকীয়পতীয়াৰ খোজ ৷ বনৰজাৰ প্ৰকাণ্ড খোজ প্ৰত্যক্ষ কৰি ভয়াৰ্ত হৈ পৰে স্থানীয় ৰাইজ ৷

কেৱল কলং নৈৰ পাৰতে নহয়; কলিয়াবৰৰ বৰভকতি, দেৱসত্ৰতো দেখা গ’ল বাঘ । আশ্ৰয়ৰ সন্ধানত মুক্ত বিচৰণ কৰি ফুৰা বনৰজাৰ দৃশ্য বন্দী হ’ল কেমেৰাত ৷ বাঘৰ ন্ত্ৰাসৰ বাবে কলিয়াবৰ সম-জিলাত প্ৰশাসনে জাৰি কৰিছে কেতবোৰ নিষেধাজ্ঞা । কলং নদীৰ পাৰত নিয়মীয়াকৈ ঢেঁকীয়াপতীয়া বাঘৰ বিচৰণৰ পৰিপ্ৰেক্ষিতত জাৰি কৰা হৈছে বিএনএছএছ, ২০২৩ৰ ১৬৩ ধাৰাৰ অধীনত নিষেধাজ্ঞা ।

জনসাধাৰণৰ সুৰক্ষা সুনিশ্চিত কৰাৰ বাবে নিৰ্দিষ্ট স্থানত বিয়লি ৪ বজাৰ পৰা পুৱা ৯ বজালৈ প্ৰৱেশৰ লগতে চলাচলত বাধা আৰোপ কৰিছে প্ৰশাসনে । বিশেষকৈ বৰভকতি,  মিৰিভেটি,  ঢেকিয়াল,  কটিওৰী,  বাণীপুৰ, দেৱসত্ৰ¸  সৰুভগীয়া  আৰু সোণাৰি গাঁৱত দিয়া হৈছে এই বিশেষ নিষেধাজ্ঞা ।

Assam forest departmentKaliaborRoyal Bengal tiger in Assamঢেঁকীয়াপতীয়া বাঘ
Comments (0)
Add Comment