দৈনিক ৪৯টাকৈ চিগাৰেট খাইছে ৰাজধানীবাসীয়ে ! দিল্লীৰ প্ৰদূষণ পাইছেগৈ এই পৰ্যায়

নেশ্যনেল ডেস্ক, ২০ নৱেম্বৰঃ দৈনিক ৪৯খনকৈ চিগাৰেট খাইছে ৰাজধানীবাসীয়ে ! সৰ্বাধিক প্ৰদূষিত চহৰ ঢাকাতকৈ ৫গুনে অধিক বিষাক্ত হৈ পৰিছে দিল্লী। যাৰ ফলত গেছ চেম্বাৰলৈ পৰিণত হৈছে । কোৱা হৈছে যে এই পৰিৱেশ দিল্লীৰ প্ৰতিগৰাকী লোকে দৈনিক ৪৯ টা ছিগাৰেট সেৱন কৰাৰ দৰে হৈছে । প্ৰদূষণত স্তব্ধ জন-জীৱন, দিল্লীবাসীৰ বাবে কৃত্ৰিম বৰষুণেই শেষ ভৰষা হৈ পৰিছে। সপ্তমৰ দিনাও পূৰ্বৰ ৬দিনৰ দৰে অধিক অৱনতিহে ঘটিছে প্ৰদূষণ পৰিস্থিতিৰ।

শ্বাস-প্ৰশ্বাসজনিত ৰোগত আক্ৰান্ত বহু শিক্ষাৰ্থী, শংকিত হৈ পৰিছে দিল্লীৰ জনতা। ছাত্ৰ-ছাত্ৰীসকলৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি স্কুল-কলেজসমূহ বন্ধ ঘোষণা দিল্লী চৰকাৰৰৰ।

উচ্চতম ন্যায়ালয়ে GRAP-IV কাৰ্যকৰীৰ নিৰ্দেশত বন্ধ কৰি দিয়া হৈছে বিদ্যালয়-মহাবিদ্যালয়। ইয়াৰোপৰি প্ৰদূষণৰ সময়ত ৫০ শতাংশ কৰ্মচাৰীয়ে ঘৰৰ পৰাই কৰিব লাগিব কাম আৰু ৫০ শতাংশ কৰ্মচাৰী কাৰ্যালয়লৈ আহিবলৈ পৰামৰ্শ দিছে দিল্লী চৰকাৰে।

Xযোগে গোপাল ৰায়ে এই কথা সদৰী কৰে (Minister Environment, Development, General Administration. Govt.of NCT Delhi)

উল্লেখ্য যে বৰ্তমান ৰাজধানীখনৰ বায়ুৰ গুণাগুণ (AQI) 434। সাধাৰণতে বায়ু ১-১০০ ৰ ভিতৰত হ’লে পৰিষ্কাৰ বুলি ধৰা হয়। দেশৰ ৰাজধানী চহৰখনত প্ৰদূষণৰ মাত্ৰা বৃদ্ধি পোৱাৰ লগে লগে চৰকাৰে বহুক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰিছে।

Delhi air polutionPolution in Delhiনতুন দিল্লী
Comments (0)
Add Comment