সাম্প্ৰতিক সময়ত ব্যস্ত জীৱনটোৰ বাবে ব্যায়াম আৰু খোজ কঢ়াটো অতি প্ৰয়োজনীয় । এটা সুস্থ শৰীৰৰ বাবে আমি প্ৰতিদিনে পুৱা ব্যায়াম আৰু খোজ কাঢ়িব লাগে । কিন্তু ইয়াৰ ভিতৰত কোনটো বেছিকৈ উপকাৰী ? ১০ মিনিটৰ একে ঠাইত ৰৈ জগিং নে ৪৫ মিনিট সময় খোজ কঢ়া ? জানক সবিশষ-
মানুহে এটা সুস্থ শৰীৰৰ বাবে প্ৰতিদিনে নিৰ্দিষ্ট এক ঠাই নিৰ্বাচিত কৰি জগিং বা দ্ৰুত ব্যায়াম কৰা তাৰ উপৰিও খোজকঢ়া দেখিবলৈ পাওঁ । তাৰে মাজতে আকৌ সময়ৰ অভাৱত অতি কম সময়তে স্বাস্থ্যৱান আৰু এটা সুস্থ শৰীৰৰ পাবলৈ জীমলৈ গৈ বিভিন্নধৰণৰ ব্যায়াম কৰা দেখিবলৈ পোৱা যায় । বহু সময়ত উচিত জ্ঞান নথকাৰ ফলত বহুলোক বিপদত পৰা দেখিবলৈ পোৱা যায় ।
কিন্তু জগিং আৰু খোজকঢ়াৰ মাজত বহুত পাৰ্থক্য আছে । প্ৰত্যেক বস্তুৰে এটা ধনাত্মক আৰু ঋণাত্মক দিশ থাকে । ঠিক তেনেকৈ জগিং আৰু খোজ কঢ়াৰ মাজত বহুতো উপকাৰিতা আৰু অপকাৰিতা আছে । যদি ইয়াৰ ওপৰত কোনো সঠিক জ্ঞান নাথাকে, তেতিয়াহলে এটা সুস্থ শৰীৰৰ ওপৰত বহুতো ঋণাত্মক প্ৰভাৱ পৰিব পাৰে । আপুনিও এটা সুস্থ শৰীৰ বিচাৰে নেকি ? যদি বিচাৰে তেন্তে জানক ইয়াৰ সঠিক কাৰণ ।
স্পট জগিং তথা এটা স্থানত ব্যায়ম কৰা মানে হৈছে এক উচ্চ-তীব্ৰতাৰ ব্যায়াম । য’ত আপুনি এক নিৰ্দিষ্ট স্থানত দ্ৰুতগতিত খোজকাঢ়ে আৰু ১০ মিনিটত কমেও ৮০ ৰ পৰা ১২০ কেলৰী দহন কৰিব পাৰে । ই আপোনাৰ কাৰ্ডিওভাস্কুলাৰ স্বাস্থ্য বৃদ্ধি কৰে আৰু হৃদযন্ত্ৰক দ্ৰুতগতিত পাম্প কৰাত সহায় কৰে । আনহাতে, খোজকঢ়া হৈছে এক পাতল হৃদয়ৰ কাৰ্যকলাপ । য’ত আপুনি আপোনাৰ গতি আৰু ওজনৰ ওপৰত নিৰ্ভৰ কৰি ৪৫ মিনিটত ১৫০ ৰ পৰা ২০০ কেলৰী দহন কৰিব পাৰে । ই হৈছে এক নিম্ন-তীব্ৰতাৰ ব্যায়াম, যি দীৰ্ঘম্যাদী সময়ত ওজন হ্ৰাস আৰু ফিটনেছৰ বাবে উপকাৰী ।
সময় আৰু সুবিধা অনুযায়ী স্পট জগিঙে বা দ্ৰুত ব্যায়ামে কম সময়ত অধিক প্ৰভাৱ পেলায় । কিয়নো আপুনি ইয়াক ঘৰৰ ভিতৰতো কৰিব পাৰে, যি সময় ৰাহি কৰে । আনহাতে খোজ কাঢ়িবলৈ অধিক সময়ৰ প্ৰয়োজন হয় । ই হৈছে এক বাহিৰৰ কাৰ্যকলাপ, যাৰ সতেজ বায়ু আৰু প্ৰকৃতিৰ মাজত কৰাত অধিক লাভালাভ আছে ।
তাৰোপৰি স্পট জগিং বা দ্ৰুত ব্যায়ামে হৃদস্পন্দনৰ হাৰ উন্নত কৰে, ই এৰোবিক ফিটনেছ আৰু ষ্টেমিনা বৃদ্ধি কৰে । ঠিক তেনেকৈ খোজ কঢ়াটোৱে লেহেম গতিত হৃদযন্ত্ৰৰ স্বাস্থ্য উন্নত কৰে, ই ৰক্তচাপ আৰু ডায়েবেটিচ নিয়ন্ত্ৰণ কৰাৰ বাবেও উপকাৰী । স্পট জগিং বা দ্ৰুত ব্যায়ামে আঁঠু আৰু গাঁঠিৰ ওপৰত অধিক চাপ দিব পাৰে । তাৰ বিপৰীতে খোজ কঢ়াৰ ফলত গাঁঠি আৰু পেশীৰ ওপৰত কম চাপ পৰে, সেয়েহে গাঁঠিৰ বিষ বা আৰ্থ্ৰাইটিছৰ সমস্যা থকা লোকসকলৰ বাবে স্পট জগিঙতকৈ খোজকঢ়া ভাল ।