কেন্সাৰৰ পৰা বাচি থাকিবলৈ নিয়মীয়াকৈ খাওক এইসমূহ…

সাম্প্ৰতিক জীৱনত কৰ্মৰ বাবে মানুহবোৰ ইমানেই ব্যস্ত হৈ পৰিছে যে খোৱাৰ কোনো সময়সীমা নোহোৱা হৈ গৈছে । যাৰ বাবে অতি কম সময়তে খাব পৰা বস্তৰ প্ৰতি আকৰ্ষিত হৈছে । বৰ্তমান সময়ত প্ৰায়সকল লোকেই অধিক তেল, মচলা থকা খাদ্যসমূহ খোৱা দেখা যায় । যাৰ বাবে প্ৰায়ভাগ লোকে বিভিন্ন সময়ত বিভিন্ন ৰোগত আক্ৰান্ত হয় ।

সেইসমূহ ৰোগৰ ভিতৰত আটাইতকৈ ভয়াবহ আৰু মাৰাত্মক ৰোগটোৱেই হৈছে কেন্সাৰ । এই কেন্সাৰৰ ফলত অগণন লোকে ইতিমধ্যে মৃত্যুক আকোঁৱালি ল’বলগীয়া হৈছে । কেন্সাৰ হোৱাৰ পৰা বাচি থাকিবলৈ দৈনিক আহাৰত অন্তৰ্ভূক্ত কৰক এইকেইবিধ সামগ্ৰী । যদিও কৰ্কট ৰোগ হৈছে এক মাৰাত্মক ৰোগ যি এতিয়ালৈকে সঠিক চিকিৎসা পোৱা নাই, কিন্তু জীৱনশৈলী কিছু পৰিৱৰ্তন কৰি আৰু আহাৰৰ পৰিৱৰ্তন কৰি আমি ইয়াৰ বিপদাশংকা হ্ৰাস কৰিব পাৰোঁ ।

কৰ্কট ৰোগৰ দৰে মাৰাত্মক ৰোগৰ নাম শুনি মৃত্যুৰ কথা ভাবিবলৈ আৰম্ভ কৰে,  কিন্তু বিশেষজ্ঞসকলে বিশ্বাস কৰে যে যদি আমি আমাৰ আহাৰ সন্তুলিত ৰাখোঁ আৰু কিছুমান স্বাস্থ্যকৰ খাদ্য গ্ৰহণ কৰোঁ,  তেন্তে কৰ্কট ৰোগৰ আশংকা যথেষ্ট পৰিমাণে হ্ৰাস কৰিব পাৰি । গতিকে কৰ্কট ৰোগৰ আশংকা হ্ৰাস কৰিবলৈ আপুনি গ্ৰহণ কৰিব পৰা সেই ছুপাৰ ফুডসমূহৰ বিষয়ে আজি আমি আপোনাক কওঁ আহক ।

এই খাদ্য সামগ্ৰীসমূহে আপোনাৰ শৰীৰক এক সমৰ্থন প্ৰণালী প্ৰদান কৰে আৰু সামগ্ৰিক স্বাস্থ্য বিকাশত সহায় কৰে । তদুপৰি কৰ্কট কোষবোৰ বৃদ্ধি প্ৰতিহত কৰে । কিছুমান এনেকুৱা ফল আছে যিবোৰ ফল নিয়মীয়াকৈ খালে কৰিলে কে়্ন্সাৰ হোৱাৰ পৰা হাত সাৰিব পাৰি । তেনে কেইবিধমান ফল হৈছে ব্লুবেৰী,  ষ্ট্ৰবেৰী,  ৰাস্পবেৰী,  ব্লেকবেৰী ।

এণ্টিঅক্সিডেণ্টসমৃদ্ধ ব্লুবেৰী,  ষ্ট্ৰবেৰী,  ৰাস্পবেৰী,  এন্থোচাইনিনৰ দৰে ব্লেকবেৰী আৰু এলাজিক এচিডে কৰ্কট ৰোগৰ পৰা সুৰক্ষা দিয়াত সহায় কৰে । ঠিক তেনেকৈ আন কেইবিধ  টেঙাজাতীয় ফল হৈছে- কমলা,  নেমু,  আঙুৰ । ইয়াত ভিটামিন চি, ফ্লেভোনইড  আৰু লিমোনইড থাকে,  যি ৰোগ প্ৰতিৰোধ প্ৰণালী বৃদ্ধি কৰে আৰু টিউমাৰৰ বিকাশ প্ৰতিহত কৰে বুলি জনা যায় ।

ইয়াৰোপৰি ডালিম, ইয়াত কৰ্কটৰোধী গুণাগুণ থকা এলাজিক এচিড আৰু পলিফেনল থাকে । যাক প্ৰষ্টেট আৰু স্তন কৰ্কটৰ আশংকা হ্ৰাস কৰাত কাৰ্যকৰী বুলি গণ্য কৰা হয় । ইয়াৰ লগতে আন এবিধ ফল হৈছে অমিতা, যিবিধ ফল সকলোৰে জ্ঞাত । বিটা-কেৰোটিন, লাইকোপেন আৰু ভিটামিন চি সমৃদ্ধ  অমিতাই কোষবোৰ মেৰামতি কৰাত সহায় কৰে আৰু অক্সিডেটিভ চাপ প্ৰতিহত কৰে ।

কেৱল ফলেই নহয়, কিছুমান পাচলি খালেও কেন্সাৰেই নহয়, আন কেবাটাও ৰোগৰ পৰা হাত সাৰিব পাৰি । পাচলিৰ ভিতৰত হৈছে ব্ৰকলি ইয়াত ছালফোৰাফেন আৰু ইণ্ডোল-3-কাৰ্বিনোল থাকে,  যি কৰ্কট ৰোগৰ আশংকা হ্ৰাস কৰে বুলি জনা যায় । ঠিক তেনেদৰে সেউজীয়া শাকৰ ভিতৰত হৈছে– পালেং শাক । সেউজীয়া শাকত কেৰোটিনইড,  আঁহ আৰু ফলেট থাকে ।  যি ছাল,  হাঁওফাঁও আৰু মলাশয়ৰ কৰ্কটৰোগৰ আশংকা হ্ৰাস কৰাত কাৰ্যকৰী কৰে বুলি জনা যায় ।

তাৰোপৰি লাইকোপেনসমৃদ্ধ বিলাহীবোৰ কৰ্কট ৰোধী গুণাগুণৰ বাবে জনাজাত,  যাক প্ৰষ্টেট আৰু হাঁওফাঁওৰ কৰ্কটৰোগৰ বিৰুদ্ধে বিশেষভাৱে উপকাৰী বুলি গণ্য কৰা হয় । গতিকে কৰ্কট ৰোগ বুলিয়ে আন কেইবাটাও ৰোগৰ পৰা বিৰত থাকিবলৈ এইকেইবিধ দৈনিক আহাৰত অন্তৰ্ভূক্ত কৰক ।

Comments (0)
Add Comment