অনলাইনত ৰছী ক্ৰয় কৰি অসমীয়া যুৱতীৰ লগত কৰিলে এই কাণ্ড…

নেশ্যনেল ডেস্ক, ৩০ নৱেম্বৰঃ বহিঃৰাজ্যত পুনৰ হত্যাৰ বলি হ’ল এগৰাকী অসমীয়া যুৱতী । কৰ্ণাটকত হত্যা কৰা হল অসমীয়া যুৱতীগৰাকীক । বাংগালুৰুত প্ৰেমিকৰ পৰিকল্পিত হত্যাকাণ্ডই শেষ কৰিলে এগৰাকী সম্ভাৱনাময় যুৱতীৰ জীৱন ।

গুৱাহাটীৰ কৈলাশ নগৰৰ বাসিন্দা মায়া গগৈক হত্যা কৰা হল ছিলিকন ভেলী বেংগালুৰুত । এই হত্যাকাণ্ড সংঘটিত কৰিলে  প্ৰেমিকে । এই ঘটনাই সম্প্ৰতি জোকাৰি গৈছে সমগ্ৰ ৰাজ্য । উল্লেখ্য যে ১৯ বছৰীয়া যুৱতীগৰাকী বিগত কেইমাহমান  ভনীয়েকৰ সৈতে বাংগালুৰুত বাস কৰি আছিল । মায়াই কোৰামংগলাত কাম কৰিছিল ।

কেইমাহমান পূৰ্বে কেৰালাৰ থোট্টাডাৰ বাসিন্দা আৰৱ হানয়ৰ সৈতে সামাজিক মাধ্যমযোগে চিনাকি হৈছিল মায়াৰ । সেই চিনাকীয়ে ৰুপ ল’লে প্ৰেমৰ আৰু তেনেকৈয়ে ৬ মাহ ধৰি প্ৰেমৰ সম্পৰ্কত আছিল দুয়ো ।  আৰৱে বেংগালুৰুৰ এটা ব্যক্তিগত প্ৰতিষ্ঠানত ছাত্ৰ পৰামৰ্শদাতা হিচাপে কাম কৰিছিল । দিনবোৰ ঠিকে গৈ আছিল । কি হঠাৎ সলনি হ’ল সকলো ।

কিন্তু শুকুৰবাৰে যুৱতীগৰাকীয়ে ভনীয়েকক জনাইছিল যে তেওঁ অফিচ পাৰ্টীৰ বাবে সেই সন্ধিয়া ঘৰলৈ উভতি নাহে । সেইটোৱে যেন কাল হ’ল মায়াৰ । ২৪ নৱেম্বৰৰ নিশা  প্ৰেমিক আৰৱে ইন্দিৰা নগৰৰ এটা চাৰ্ভিচ এপাৰ্টমেণ্টত পৰিকল্পিতভাৱে হত্যা কৰে প্ৰেমিকা মায়া গগৈক । জানিব পৰা মতে, আৰৱে অনলাইনযোগে ক্ৰয় কৰা ৰছী আৰু এখন চুৰিৰে নিশংসভাৱে হত্যা কৰে প্ৰেমিকাক । মঙলবাৰে এপাৰ্টমেণ্টৰ কৰ্মচাৰীসকলে দুৰ্গন্ধ পাই কোঠাটোত প্ৰৱেশ কৰে । তাৰ পিছতে দেখা পায় যে প্ৰেমিকাগৰাকীৰ বুকু আৰু মূৰত আঘাতপ্ৰাপ্ত মৃতদেহটো বিচনাত পৰি আচে । চিচিটিভি ফুটেজত দেখা গৈছিল যে আৰৱ মঙলবাৰে পুৱা অকলেই এপাৰ্টমেণ্টৰ পৰা ওলাই গৈছিল । আৰক্ষীয়ে হত্যাৰ অভিযুক্ত প্ৰেমিকগৰাকী অহা গাড়ীখনৰ চালকজনক সোধা-পোছা কৰাৰ পিছত ২৯ নৱেম্বৰত বাংগালুৰু আৰক্ষীয়ে কেৰালাৰ স্থানীয় যুৱক ২১ বছৰীয়া আৰৱ হানয়ক গ্ৰেপ্তাৰ কৰে ।

Assamese VlogerBengaluruMurder
Comments (0)
Add Comment