ৰিজাৰ্ভ বেংকৰ নতুন গৱৰ্ণৰ সঞ্জয় মালহোত্ৰা কোন ?

নিউজ ডেস্ক, ১০ ডিচেম্বৰঃ  ৯ ডিচেম্বৰত কেবিনেটৰ নিয়োগ সমিতিয়ে ঘোষণা কৰিলে ৰিজাৰ্ভ বেংক অব্ ইণ্ডিয়াৰ নতুন গৱৰ্ণৰৰ নাম (New RBI governor)। ২০১৮ চনৰ ১২ ডিচেম্বৰত আৰ বি আইৰ ২৫ তম গৱৰ্ণৰ হিচাপে নিযুক্তি দিয়া হৈছিল শশীকান্ত দাসক । শশীকান্ত দাসৰ পিছত নতুনকৈ RBIৰ গৱৰ্ণৰৰ আসনত বহিব সঞ্জয় মালহোত্ৰা (Sanjay Malhotra)। পৰৱতী ৩ বছৰৰ বাবে RBIৰ গৱৰ্ণৰ হিচাপে দায়িত্ব ল’ব সঞ্জয় মালহোত্ৰাই । আজি হৈছে শশীকান্ত দাসৰ কাৰ্যকালৰ অন্তিমটো দিন ।

শশীকান্ত দাসৰ কাৰ্যকাল শেষ হোৱাৰ পিছতে তেওঁৰ স্থান ল’ব ১৯৯০ বেটচৰ ৰাজস্থান কেডাৰৰ আই এ এছ বিষয়া মালহোত্ৰাই । মালহোত্ৰা হ’ব ৰিজাৰ্ভ বেংক অব্ ইণ্ডিয়াৰ ২৬ তম গৱৰ্ণৰ । ইয়াৰ পূৰ্বে মালহোত্ৰাক ২০২২ চনৰ অক্টোবৰত তৰুণ বাজাজৰ অৱসৰ পিছত ৰাজহ সচিব হিচাপে নিযুক্তি দিয়া হৈছিল ।

উল্লেখ্য যে সঞ্জয় মালহোত্ৰাই কানপুৰৰ ইণ্ডিয়ান ইনষ্টিটিউট অব্ টেকন’লজীৰ পৰা কম্পিউটাৰ বিজ্ঞানত অভিযান্ত্ৰিক স্নাতক আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰিন্সটন বিশ্ববিদ্যালয়ৰ পৰা ৰাজহুৱা নীতিত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল । 33 বছৰতকৈও অধিক সময়ৰ কেৰিয়াৰত  তেওঁ শক্তি,  বিত্ত আৰু কৰ, তথ্য প্ৰযুক্তি আৰু খনিকে ধৰি বহুমুখী খণ্ডত কাৰ্যনিৰ্বাহ কৰিছে ।

RBI governorReserve Bank of IndiaSanjay Malhotraসঞ্জয় মালহোত্ৰাৰিজাৰ্ভ বেংক
Comments (0)
Add Comment