নেশ্যনেল ডেস্ক, ২৬ ডিচেম্বৰঃ পত্নীক শুশ্ৰূষা কৰিবলৈকে চৰকাৰী কৰ্মচাৰীগৰাকীয়ে স্বেচ্ছামূলক অৱসৰ গ্ৰহণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল । সপোন আছিল ৰোগীয়া পত্নীৰ কাষতে দিনে-নিশাই থাকি প্ৰয়োজনীয় সকলোখিন কৰি যাব । সেই অনুসৰিয়েই প্ৰক্ৰিয়া আগবাঢ়িল । মঙলবাৰে আছিল চৰকাৰী কৰ্মচাৰীগৰাকীৰ কৰ্মজীৱনৰ অন্তিমটো দিন । কিন্তু বিদায় অনুষ্ঠানত উপস্থিত থকা পত্নীৰো সেই দিনটোৱেল হ’ল জীৱনৰ অন্তিম দিন ।
দুখজনক ঘটনাটো ৰাজস্থানৰ । ৰাজস্থানৰ দেৱেন্দ্ৰ চন্দল নামৰ লোকজনে হৃদৰোগত আক্ৰান্ত পত্নীৰ যত্ন ল’বলৈ আগতীয়াকৈ অৱসৰ লৈছিল । কিন্তু দুৰ্ভাগ্যজনকভাৱে মঙলবাৰে বিয়লি নিজৰ কাৰ্যালয়ৰ পৰা বিদায় লওঁতে পত্নীৰ মৃত্যু হয় ।
এটা ভাইৰেল ভিডিঅত দেখা গৈছে যে পত্নী দীপিকা আৰু স্বামী দেৱেন্দ্ৰই প্ৰথম পৰ্যায়ত মালা পিন্ধি হাঁহি আছে । অনুষ্ঠানত উপস্থিত আনসকল লোকে টেবুলখনৰ চাৰিওফালে থিয় হৈ হাত চাপৰি বজাই উল্লাস কৰি আছে ।
তাৰ কিছে সময় পিছতে হঠাৎ দীপিকাই চকীখনত ঢলি পৰে । তেওঁ দীঘলকৈ উশাহ ল’বলৈ ধৰিলে, স্বামীয়ে পিঠিত মোহাৰি উপশমৰ চেষ্টা চলায় যদিও বিফল হ’ল । কম সময়ৰ ভিতৰতে মৃত্যুক আকোঁৱালি ল’লে পত্নীগৰাকীয়ে ।