ISHAN NEWS
অসম আৰু উত্তৰ-পূব ৰ প্ৰতিটো খবৰ
এতিয়া একেলগে
বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক
☎ 9707699927
ব্ৰেকিং নিউজ
Loading latest updates...

ধুবুৰীত ডাম্পাৰ ছিণ্ডিকেট! সজল সিংহক লৈ প্ৰশ্ন

ধুবুৰীত ডাম্পাৰ ছিণ্ডিকেটক লৈ ডাঙৰ প্ৰশ্ন! অভাৰলোডিং ডাম্পাৰৰ দৌৰাত্ম্যক লৈ উত্থাপন গুৰুতৰ অভিযোগ ধুবুৰী: ধুবুৰী জিলাত উন্নয়নৰ কাম-কাজৰ সমান্তৰালভাৱে অভাৰলোডিং ডাম্পাৰৰ অবাধ চলাচলক লৈ এতিয়া উত্থাপন হৈছে একাধিক গুৰুতৰ প্ৰশ্ন। শ্ৰীৰামপুৰৰ পৰা তামাৰহাট, পাগলাহাট, গোলকগঞ্জ হৈ জিলাখনৰ বিভিন্ন পথত একাংশ অভাৰলোডিং ডাম্পাৰৰ চলাচলক কেন্দ্ৰ কৰি স্থানীয় লোকৰ মাজত অসন্তুষ্টি সৃষ্টি হোৱাৰ অভিযোগ উত্থাপিত হৈছে। স্থানীয় লোকৰ অভিযোগ অনুসৰি, বহু ক্ষেত্ৰত নিয়ম উলংঘা কৰি অভাৰলোডিং ডাম্পাৰ চলাচল কৰাৰ ফলত পথসমূহৰ ওপৰত চাপ বৃদ্ধি পোৱাৰ লগতে পথ দুৰ্ঘটনাৰ আশংকাও বৃদ্ধি পাইছে। ইয়াৰ মাজতে আটাইতকৈ ডাঙৰ প্ৰশ্নটো হৈছে—এইদৰে অভাৰলোডিং ডাম্পাৰ চলাচলৰ আঁৰত কোনো সংগঠিত ছিণ্ডিকেট সক্ৰিয় হৈ আছে নেকি? কোনে নিয়ন্ত্ৰণ কৰে এই সমগ্ৰ ব্যৱস্থা? কাৰ আশ্ৰয়-প্ৰশ্ৰয়ত এইদৰে ডাম্পাৰ চলাচল কৰাৰ অভিযোগ উত্থাপন হৈছে? আৰু যদি অভিযোগসমূহ সঁচা হয়, তেন্তে ধুবুৰী জিলা প্ৰশাসনৰ ভূমিকা কি? এই বিষয়ত সজল সিংহ নামৰ এগৰাকী ব্যক্তিৰ বিৰুদ্ধেও অভিযোগৰ আঙুলি উঠিছে। অৱশ্যে, এই অভিযোগৰ সত্যতা এতিয়াও স্বাধীনভাৱে নিশ্চিত হোৱা নাই। ...