ISHAN NEWS – Always One Step Ahead of Time…

বিশ্বকাপ ক্রিকেটৰ পূৰ্বে বাংলাদেশ ক্ৰিকেট দলত অঘটন।

0 99

ৱৰ্ল্ড কাপ ক্রিকেটলৈ ৩ মাহ থকাৰ সময়তে বাংলাদেশ এদিনীয়া ক্ৰিকেট দলৰ কেপ্টেইন তামিম ইকবালে বৃহস্পতিবাৰে সংবাদমেলৰ জৰিয়তে সকলোকে আচৰিত কৰি আন্তঃৰাষ্ট্ৰীয় ক্রিকেটৰ পৰা অৱসৰ গ্ৰহণৰ কথা ঘোষণা কৰে । এই ঘোষণাৰ জৰিয়তে ক্রিকেটাৰ গৰাকীৰ ক্রিকেটৰ সৈতে গঢ় লৈ উঠা ১৬ বছৰীয়া সম্পৰ্কৰ অন্ত পেলায়। সংবাদমেলত আন্তঃৰাষ্ট্ৰীয় ক্রিকেটৰ পৰা সন্যাস লোৱাৰ কথা ঘোষণা কৰি উচুপি উঠে ক্রিকেটাৰ তামিম ইকবাল। মাত্ৰ এদিন পূৰ্বে ঘৰুৱা খেলপথাৰত আয়োজিত এদিনীয়া ক্ৰিকেট খেলত আফগানিস্তানৰ হাতত পৰাজিত হৈছিল বাংলাদেশ ক্ৰিকেট দল।

আফগানিস্তান আৰু বাংলাদেশৰ মাজত আয়োজিত ৩ খনীয়া এদিনীয়া শৃংখলাত ঘৰুৱা মাটিত পৰাস্ত হোৱাৰ পাছতেই আন্তঃৰাষ্ট্ৰীয় ক্রিকেটৰ পৰা অৱসৰ গ্ৰহণৰ সিদ্ধান্ত লয় ক্রিকেটাৰ গৰাকীয়ে । আফগানিস্তানৰ বিৰুদ্ধে বাংলাদেশ পৰাস্ত হোৱাৰ পাছতেই কেপ্তেইন তামিম ইকবালক ব্যাপক সমালোচনা কৰিছিল বাংলাদেশৰ ক্রিকেটপ্রেমীয়ে । বাংলাদেশ ক্রিকেটবৰ্ডে ইকবালৰ স্থানত কাক কেপ্টেইনৰ দায়িত্ব অৰ্পণ কৰে সেই সিদ্ধান্ত এতিয়াও লোৱা নায় যদিও চৰ্চালৈ আহিছে বাংলাদেশ টি টুৱেণ্টি দলৰ কেপ্টেইন ছাকিব অল হাছান আৰু টেষ্ট ক্ৰিকেট দলৰ কেপ্টেইন লিটন দাসৰ নাম ।

৩৪ বছৰীয়া তামিম ইকবালে যোৱা বছৰ টি টুৱেণ্টি ক্রিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল । ইকবালে চলিত বৰ্ষৰ এপ্ৰিল কেৰিয়াৰৰ অন্তিমখন টেষ্ট মেছ খেলিছিল আয়াৰলেণ্ডৰ বিৰুদ্ধে ।
তামিম ইকবাল আন্তঃৰাষ্ট্ৰীয় ক্রিকেটৰ পৰা অৱসৰ কথা ঘোষণা কৰি দেশৰ হকে নিজৰ সৰ্বশ্রেষ্ঠ প্রদৰ্শনৰ কথা উল্লেখ কৰাৰ লগতে তেওঁ সতীৰ্থ ক্রিকেটাৰ সকলৰ উপৰিও ক্ৰিকেট বৰ্ডৰ বিষয়া সকলক ধন্যবাদ জ্ঞাপন কৰে ।

Leave A Reply

Your email address will not be published.