ISHAN NEWS – Always One Step Ahead of Time…

দিল্লী উচ্চ ন্যায়ালয়ত পুনৰ মুখথেকেচা মনীষ চিছোদিয়াৰ

সুৰা কেলেংকাৰী গোচৰক লৈ ন্যায়ালয়ত পুনৰ মুখথেকেচা দিল্লীৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী তথা শিক্ষামন্ত্ৰী মনীষ চিছোদিয়াৰ। আম আদমী পাৰ্টিৰ নেতাৰ জামিন আবেদন নাকচ কৰিলে দিল্লী উচ্চ ন্যায়ালয়ে। ১৪ মে’ত সকলো পক্ষৰ যুক্তি শুনানি গ্ৰহণ কৰি উচ্চ

ট্ৰাক আৰু অটো ৰিক্সাৰ ভয়ংকৰ সংঘৰ্ষ; দুজনৰ মৃত্যু, ৮ জন আহত

ছত্তীশগড়ৰ যশপুৰ জিলাত এখন ট্ৰাক আৰু অটোৰিক্সাৰ মাজত হোৱা সংঘৰ্ষত দুজন লোকৰ মৃত্যু হোৱাৰ লগতে ৮ জন লোক আহত হৈছে। মঙলবাৰে আৰক্ষীয়ে এই তথ্য প্ৰদান কৰে। জিলাখনৰ বাগিচা আৰক্ষী থানা এলেকাত নিশা প্ৰায় ২ বজাত সংঘটিত হয় এই দুৰ্ঘটনা।

ভোটগ্ৰহণৰ পিছতেই হিংসাত্মক ঘটনা; দুই পক্ষৰ মাজত চলা গুলীয়াগুলীত এজনৰ মৃত্যু, দুজন আহত

লোকসভা নিৰ্বাচনৰ পঞ্চম পৰ্যায়ৰ ভোটগ্ৰহণৰ পিছতেই বিহাৰৰ সাৰণত সংঘটিত হৈছে হিংসাত্মক ঘটনা। মঙলবাৰে দুই পক্ষৰ মাজত চলা গুলীয়াগুলীত এজন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে আন দুজন লোক গুৰুতৰভাৱে আহত হোৱাৰ খবৰ আহিছে। জানিব পৰা মতে, সোমবাৰে পঞ্চম

অসমৰ যুৱকক মৃত্যুদণ্ডৰ শাস্তি কেৰালা উচ্চ ন্যায়ালয়ৰ; আইনৰ ছাত্ৰীৰ সৈতে কৰিছিল ভয়ংকৰ কাণ্ড

কেৰালা উচ্চ ন্যায়ালয়ে পেৰুম্বাৱুৰ অঞ্চলত এগৰাকী আইনৰ ছাত্ৰীক ধৰ্ষণ কৰি হত্যা কৰাৰ অপৰাধত অসমৰ এজন যুৱকক মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰা হৈছে। সোমবাৰে মৃত্যুদণ্ড নিশ্চিত কৰা অসমৰ যুৱকজন হ’ল মহম্মদ আমিৰ-উল ইছলাম। জানিব পৰা অনুসৰি, কৰ্মৰ

গৰমৰ বাবে ২৫ মে’লৈ বন্ধ কৰি দিয়া হ’ল স্কুল। ক’ত ক’ত বন্ধ থাকিব শিক্ষানুষ্ঠান…

ক’ত ক’ত বন্ধ থাকিব শিক্ষানুষ্ঠান... দেশৰ বিভিন্ন প্ৰান্তত দহিছে উৎকট গৰমে। কোনো কোনো ৰাজ্যত গৰমে ৪৬ ডিগ্ৰী ছেলছিয়াছ তাপমাত্ৰা অতিক্ৰম কৰিছে। তীব্ৰ গ্ৰীষ্ম প্ৰবাহৰ বাবে বিদ্যালয় বন্ধৰ ঘোষণা প্ৰশাসনৰ। উত্তৰ প্ৰদেশৰ নয়দা আৰু

হেলিকপ্টাৰত দুৰ্ঘটনাত ইৰাণৰ ৰাষ্ট্ৰপতি ইব্ৰাহিম ৰাইচিসহ ৯ জনৰ মৃত্যু

বিফল হল হাজাৰ হাজাৰ লোকৰ দোৱা প্ৰাৰ্থনা। অৱশেষত আহিল বেয়া খবৰটো। ভয়ংকৰ হেলিকপ্টাৰ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে ইৰাণৰ ৰাষ্ট্ৰপতি ইব্ৰাহিম ৰাইচিয়ে। ৰাইচিৰ সৈতে এই দুৰ্ঘটনাত ইৰাণৰ বৈদেশিক মন্ত্ৰী হোছেইন আমিৰ আব্দুল্লাহিয়ানসহ আন ৮ জন লোকে

এতিয়া কৃষ্ণ চূড়া, ৰাধ চূড়া ফুলাৰ বতৰ। গ্ৰীষ্মক আদৰিবলৈ যেন প্ৰকৃতিয়ে সলাইছে ৰং

প্ৰকৃতিৰ বুকুত ভিন্ন ৰঙীন ফুলৰ মেলা। শান্ত ধৰাৰ বুকুত সাতোৰঙী ৰঙৰ সমাহাৰ । গ্ৰীষ্মক আদৰিবলৈ যেন প্ৰকৃতিয়ে সলাইছে ৰং । এতিয়া কৃষ্ণ চূড়া, ৰাধ চূড়া ফুলাৰ বতৰ। সেউজীয়া প্ৰকৃতিৰ বুকুত এতিয়া ফুলিছে ৰঙা, বগা, হালধীয়া আৰু নানা জাতৰ ফুল।

ভোটগ্ৰহণৰ পূৰ্বে কাশ্মীৰত সন্ত্ৰাসবাদীৰ আক্ৰমণ; বিজেপি নেতাৰ মৃত্যু, দুজন আহত

লোকসভা নিৰ্বাচনৰ ভোটদানৰ দুদিন পূৰ্বে শনিবাৰে জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীয়ে সংঘটিত কৰে দুটাকৈ ভয়ংকৰ আক্ৰমণৰ ঘটনা। সন্ত্ৰাসবাদীৰ গুলীচালনাত প্ৰাক্তন গাঁও প্ৰধান তথা বিজেপি নেতা নিহত হোৱাৰ বিপৰীতে ৰাজস্থানৰ দম্পতী আহত হয়। দেশত ৭টা

কাইলৈ দুপৰীয়া ১২ বজাত বিজেপিৰ মুখ্য কাৰ্যালয়লৈ যাব কেজৰিৱালসহ আপৰ শীৰ্ষ নেতা!

সাংসদ স্বাতী মালিৱালৰ সৈতে মাৰপিটৰ অভিযোগত সতীৰ্থ বিভৱ কুমাৰক গ্ৰেপ্তাৰ কৰাৰ পিছত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে বিজেপিৰ বিৰুদ্ধে আপ নেতাক এজন এজনকৈ জে’লত ভৰোৱাৰ অভিযোগ উত্থাপন কৰিছে। বিজেপিৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰি কেজৰিৱালে

হাৰ্দিক পাণ্ডিয়াৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ বি চি চি আইৰ

আই পি এল ২০২৪ ছিজনত মুম্বাই ইণ্ডিয়ানছ দলৰ অত্যন্ত নিৰাশাজনক প্ৰদৰ্শনৰ পিছত হাৰ্দিক পাণ্ডিয়াৰ অধিনায়কত্বক লৈ ক্ৰিকেট মহলত উত্থাপন হৈছে প্ৰশ্ন। নেতৃত্বক লৈ সমালোচনাৰ সন্মুখীন হোৱাৰ মাজতে এইবাৰ বিচিচিআইয়ে পাণ্ডিয়াৰ বিৰুদ্ধে