ISHAN NEWS – Always One Step Ahead of Time…
Browsing Category

ASSAM

মৰ্মান্তিক; বেকী নৈত সন্ধানহীন তিনি যুৱক, এজনৰ মৃতদেহ উদ্ধাৰ

বাক্সাৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ সমীপৱৰ্তী নাৰায়নগুৰীত সংঘটিত হৈছে এক কৰুণ ঘটনা। বেকী নৈত সন্ধানহীন হৈ পৰিছে দুই ভাই-ককাইসহ তিনিজন যুৱক। ইয়াৰে এজন যুৱকৰ মৃতদেহ উদ্ধাৰ হৈছে। বাঁ‌হবাৰী আৰক্ষী চকীৰ অন্তৰ্গত নাৰায়নগুৰীৰ বেকী নৈত সংঘটিত

মৰমৰ শিল্পীগৰাকীক কাষতে পাই চুমাৰে উপচাই পেলালে অনুৰাগীয়ে

জুবিন অনন্য অদ্বিতীয়। সুৰৰ মায়াজালেৰে সেই কথা পুনৰ প্ৰমাণ কৰি দিলে ডিব্ৰুগড়ত। বিগত দুটা দিনে ডিব্ৰুগড়ৰ ৰাইজক সুৰৰ মায়াজালত বন্দী কৰিলে হাৰ্টথ্ৰব জুবিন গাৰ্গে। সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ উদ্যোগত আৰু ডিব্ৰুগড় ৰাইজৰ সহযোগত

দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে অসমৰ এইসমূহ অঞ্চলত ড্ৰাই ডে’ ঘোষণা

২৬ এপ্ৰিলত অনুষ্ঠিত হ’বলগীয়া লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ প্ৰতি লক্ষ্য ৰাখি অসমৰ পাঁচটা সমষ্টিৰ অন্তৰ্গত অঞ্চলত ড্ৰাই ডে’ ঘোষণা কৰিছে। ২৪ এপ্ৰিলৰ বিয়লি ৫ বজাৰ পৰা ২৬ এপ্ৰিলৰ ৫ বজালৈকে এই পাঁচটা সমষ্টিৰ অন্তৰ্গত অঞ্চল

বাতৰি কাকতত ডাঙৰকৈ বিজ্ঞাপন দি ক্ষমা খোজক : ৰামদেৱক পুনৰ ককৰ্থনা উচ্চতম ন্যায়ালয়ৰ

উচ্চতম ন্যায়ালয়ৰ পৰা পুনৰ ককৰ্থনাৰ সন্মুখীন হ’ল যোগগুৰু বাবা ৰামদেৱ। পতঞ্জলিৰ বিভ্ৰান্তিকৰ বিজ্ঞাপন প্ৰকাশ কৰি উচ্চতম ন্যায়ালয়ৰ বাৰে বাৰে ৰোষত পৰা ৰামদেৱক পুনৰ ধমক দিয়ে আদালতে। আজি হোৱা শুনানিৰ সময়ত আদালতে ৰামদেৱক পতঞ্জলিৰ

মৰাণৰ ঝলমত শোকাৱহ পথ দুৰ্ঘটনা; প্ৰাণ গ’ল মাতৃ আৰু কন্যাৰ

মৃত্যু চাগে এনেকৈয়ে আহে। মৰাণৰ ঝলমত আজি পুৱা সংঘটিত হোৱা এক শোকাৱহ পথ দুৰ্ঘটনাত একেলগে মৃত্যুক সাৱটি ল’লে মাতৃ আৰু কন্যাই। ঝলমৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই শোকাৱহ দুৰ্ঘটনাটো। গুৱাহাটীৰ পৰা AS 01 QC 3813 নম্বৰৰ এখন ভাড়া কৰি

ৰুতুৰাজ গাইকোৱাদ আৰু কে এল ৰাহুলক জৰিমনা; জানক ইয়াৰ কাৰণ

চেন্নাই ছুপাৰ কিংছৰ অধিনায়ক ৰুতুৰাজ গাইকোৱাদ আৰু লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ অধিনায়ক কে এল ৰাহুলক ১২ লাখ টকাৰ জৰিমনা বিহা হৈছে। শুকুৰবাৰে চেন্নাই ছুপাৰ কিংছ আৰু লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ মাজত অনুষ্ঠিত হোৱা মেচখনত শ্ল’ অভাৰ ৰেটৰ বাবে

গেৰুৱা ৰঙলৈ সলনি দূৰদৰ্শনৰ ঐতিহাসিক ল’গ’ৰ ৰং; অসন্তুষ্ট বিৰোধী

ভাৰতীয় আৱেগ জৰিত হৈ থকা ৰাষ্ট্ৰীয় সম্প্ৰচাৰক দূৰদৰ্শনে নিজৰ ঐতিহাসিক ল’গ’ৰ ৰং ৰঙাৰ পৰা গেৰুৱালৈ সলনি কৰিছে। আজি ডিডি নিউজৰ তৰফৰ পৰা তেওঁলোকৰ অফিচিয়েল এক্স হেণ্ডেলৰ জৰিয়তে নতুন ল’গ’টো মুকলি কৰে। টুইটটোত কোৱা হৈছে, ‘অৱশ্যে আমাৰ

NPS ইণ্টাৰনেশ্যনেল স্কুলে উৎসাহেৰে উদযাপন কৰে নাঙল বিহু ।

NPS ইণ্টাৰনেশ্যনেল স্কুলে ৰঙালী বিহু উপলক্ষে কৃষি সঁজুলিৰ প্ৰতি লক্ষ্য ৰাখি ৫ বহাগ তাৰিখে আনন্দ আৰু সাংস্কৃতিক উদ্যমেৰে উদযাপন কৰে নাঙল বিহু ।ছাত্ৰ-ছাত্ৰীসকলে সাংস্কৃতিক অনুষ্ঠানসমুহত নিজৰ প্ৰতিভা প্ৰদৰ্শন কৰাৰ লগতে বিদ্যালয়খনৰ চৌহদত

প্ৰধানমন্ত্ৰী ভ্ৰমণক লৈ বন্ধ থাকিব গুৱাহাটীৰ পথ

আজি সন্ধিয়া অসমত উপস্থিত হ'ব ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। প্ৰধানমন্ত্ৰীৰ আগমনৰ প্ৰতি লক্ষ্য ৰাখি কটকটীয়া হৈছে প্ৰশাসন । ইতিমধ্য বিশেষ পথ নির্দেশনা জাৰি কৰিছে

গুৱাহাটীত নতুনকৈ নিৰ্মিত উৰণ সেতুত পথ দুৰ্ঘটনা; এজন ৬০ বছৰীয়া লোকৰ মৃত্যু

বৃহস্পতিবাৰে গুৱাহাটীৰ ৰাষ্ট্ৰীয় ঘাইপথত নতুনকৈ নিৰ্মিত বেহাৰবাৰী উৰণীয়া সেতুৰ ওপৰত সংঘটিত এক দুৰ্ঘটনাত ষাঠি বছৰীয়া এজন বৃদ্ধৰ মৃত্যু হয়। ৬৫ বছৰ বয়সৰ লোকজন কোকৰাঝাৰ জিলাৰ বাসিন্দা নুৰ বাহাদুৰ ভাণ্ডাৰী বুলি চিনাক্ত কৰা হৈছে। ঘটনাৰ