ISHAN NEWS – Always One Step Ahead of Time…

কৰ্ণাটক চৰকাৰে প্রৱৰ্তন কৰিব ৰাজ্যিক শিক্ষা নীতি। ISHAN NEWS…

0 108

কৰ্ণাটকৰ মুখ্যমন্ত্রী সিদ্ধাৰমায়াই ৰাজ্যখনত ৰাষ্ট্ৰীয় শিক্ষানীতিৰ পৰিৱৰ্তে ৰাজ্যিক শিক্ষা নীতি প্রৱৰ্তনৰ কথা উল্লেখ কৰাৰ পাছতেই ৰাজ্যখনৰ প্রাথমিক শিক্ষামন্ত্রী মধু বাংগাৰাপ্পাই ৰাজ্যখনত অতি শীঘ্ৰে ৰাজ্যিক শিক্ষানীতি প্রৱৰ্তন কৰাৰ পৰিকল্পনাৰ কথা সদৰী কৰে ।

কৰ্ণাটকৰ পৰিবহন মন্ত্রী ৰামালিংগ ৰেড্ডীয়ে ৰাষ্ট্ৰীয় শিক্ষা নীতিক একপক্ষীয় বুলি সমালোচনা কৰাৰ লগতে ৰাজ্যখনত পৃথক শিক্ষানীতি প্রৱৰ্তন কৰিব বুলিও জানিবলৈ দিয়ে । লগতে মন্ত্রীগৰাকীয়ে কয় যে, ৰাষ্ট্ৰীয় শিক্ষানীতি ভাল নহয় । এই শিক্ষানীতি একপক্ষীয় । আমাৰ দেশ এখন গণতান্ত্রিক দেশ । এখন গণতান্ত্রিক দেশত বিভিন্ন ধৰ্মৰ লোক আছে । সেয়েহে আমি ৰাজ্যত পৃথক শিক্ষানীতি প্রৱৰ্তন কৰিম বুলি মন্ত্রী গৰাকীয়ে উল্লেখ কৰে ।
যি সময়ত বহু ৰাজ্যই বিদ্যালয় পৰ্যায়ৰ পৰা ৰাষ্ট্ৰীয় শিক্ষানীতিৰ অধীনত নতুন পাঠ্যক্রম প্রৱৰ্তনৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে তেনে সময়তে কৰ্ণাটক চৰকাৰে ৰাষ্ট্ৰীয় শিক্ষানীতিৰ পৰিৱৰ্তে ৰাজ্যিক শিক্ষানীতি প্রৱৰ্তনৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে । কৰ্ণাটক কংগ্ৰেছে ৰাষ্ট্ৰীয় শিক্ষানীতিক সমালোচনা কৰাৰ লগতে বিজেপি চৰকাৰে বিজ্ঞানৰ বিৱৰ্তন তত্ব পাঠ্যক্রমৰ পৰা আতৰাই দিয়াৰ লগতে বিভিন্ন বিষয়ত হিন্দুত্ববাদী নেতাৰ লেখা পাঠ্যক্রমত অন্তৰ্ভুক্ত কৰি বিজেপিয়ে সংকীৰ্ণ মনোভাৱৰ পৰিচয় দিছে বুলি উল্লেখ কৰে । এই ব্যৱস্থাই ছাত্র সমাজৰ যথেষ্ট ক্ষতি কৰিব বুলি উল্লেখ কৰে কৰ্ণাটক কংগ্ৰেছে ।

কৰ্ণাটক চৰকাৰে এক নিৰ্দিষ্ট সময়ৰ ভিতৰত এখন বিশেষজ্ঞ কমিটিৰ জৰিয়তে ৰাজ্যিক শিক্ষানীতি প্রৱৰ্তন কৰিব বুলি সদৰী কৰে ।

Leave A Reply

Your email address will not be published.