আমেৰিকাৰ ৰাষ্ট্ৰপতি পদৰ প্রাৰ্থীত্ব প্রত্যাশী বিবেক ৰামস্বামী কোন ? কোনটো দলৰ প্রাৰ্থী হ’ব ৰামস্বামী।
অহা বছৰৰ শেষৰফালে অনুষ্ঠিত হ’ব আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি নিৰ্বাচন । ৰিপাব্লিকান পাৰ্টিৰ হৈ প্ৰাৰ্থিত্ব আগবঢ়াবৰ বাবে সাজু হৈছে বহুবোৰ নতুন মুখ । প্রাৰ্থীত্ব আগবঢ়াবলৈ সাজু হোৱা সকলৰ ভিতৰত আছে ভাৰতীয় মূলৰ এগৰাকী ব্যক্তি । সেইগৰাকী ব্যক্তি হৈছে বৰ্তমান আমেৰিকাৰ নিবাসী ভাৰতীয় মূলৰ কোটিপতি ব্যৱসায়ী বিবেক ৰামস্বামী। ইতিমধ্যে ৩৮ বছৰীয়া কোটিপতি ব্যৱসায়ী গৰাকী ব্যস্ত হৈ পৰিছে প্ৰচাৰত। এলন মাস্কেও ব্যৱসায়ী বিবেক ৰামস্বামীক প্রশংসাৰে ওপচাই পেলাইছে ।
অলপতে, এগৰাকী সাংবাদিকক এটা সাক্ষাৎকাৰ দিছিল বিবেক ৰামস্বামীয়ে । সেই সাক্ষাৎকাৰটো বৰ্তমানৰ এক্স তথা পূৰ্বৰ টুইটাৰত শ্বেয়াৰ কৰি এলন মাস্কে বিবেক ৰামস্বামী এগৰাকী প্ৰতিশ্ৰুতি সম্পন্ন প্ৰাৰ্থী বুলি উল্লেখ কৰছিল । এলন মাস্কৰ এই টুইটৰ পাছতেই , সামাজিক মাধ্যমত ব্যাপক চৰ্ছালৈ আহিছিল বিবেকে ৰামস্বামী ।
৩৮ বছৰীয়া বিবেক ৰামাস্বামী হৈছে আটাইতকৈ কম বয়সীয়া ৰিপাব্লিকান দলৰ প্ৰাৰ্থী যি গৰাকী ব্যক্তি আগন্তুক আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ৰিপাব্লিকান পাৰ্টিৰ প্রাৰ্থী হ’ব বিচাৰে। বিবেক ৰামস্বামী ৰিপাব্লিকান পাৰ্টিৰ প্ৰাৰ্থীৰ তালিকাত স্থান তিনি নম্বৰত । বিবেক ৰামস্বামীৰ উপৰিও, ৰিপাব্লিকান পাৰ্টিৰ হৈ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ৰ দৌৰত আছে আৰু দুগৰাকী ভাৰতীয় মুলৰ ব্যক্তি নিকি হেলি আৰু হৰ্ষ বৰ্ধন সিং।
বিবেকৰ ৰামস্বামী মাক দেউতাকৰ ঘৰ আছিল ভাৰতৰ কেৰালাত । আমেৰিকালৈ গৈ আমেৰিকাৰে নাগৰিকত্ব গ্ৰহণ কৰিছিল বিবেকৰ পিতৃয়ে । আমেৰিকা যুক্তৰাষ্ট্ৰৰ ওহাইঅ’ত জন্ম হৈছিল বিবেক ৰামস্বামীৰ। হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ জীৱবিজ্ঞানৰ স্নাতক বিবেকে 2014 চনত কৰ্মজীৱন আৰম্ভ কৰিছিল ৰোভেণ্ট চাইন্সেছ নামৰ এটা বায়োফাৰ্মাচিউটিকেল কোম্পানীত । আৰু পাছত নিজাকৈ এখন মেনেজমেণ্ট ফাৰ্ম পৰিচালধনা কৰে বিবেকে । গ্ৰন্থৰ প্রতি বিশেষ আগ্ৰহ থকা বিবেক ৰামস্বামীৰ এখন বিখ্যাত গ্ৰন্থ হৈছে ‘ৱেক, ইনক: ইনচাইড কৰ্পোৰেট আমেৰিকাজ ছ’চিয়েল জাষ্টিছ স্কেম’। এই কিতাপখন বেষ্টচেলাৰ হৈছিল আমেৰিকাত ।
আমেৰিকা যুক্তৰাষ্ট্ৰৰ , ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থিত্ব প্ৰতিদ্ব
প্রত্যাশী সকলে বিভিন্ন ধৰনৰ টিভি অনুষ্ঠান , ৰাজহুৱা ভাষণ আদিত অংশ গ্ৰহণ কৰিব লাগিব। প্ৰতিগৰাকী প্ৰাৰ্থীয়ে আমেৰিকা আৰু দেশখনৰ নাগৰিকৰ উন্নতিৰ বাবে কি কি কৰিব সেই কথা প্রাৰ্থী গৰাকীৰ দৃষ্টিভংগীৰে ৰাজহুৱাভাৱে প্ৰকাশ কৰিব লাগিব । যাৰ আধাৰত মানুহে সেই প্ৰাৰ্থীজনৰ বিষয়ে এক সাম্যক ধাৰনা গ্ৰহণ কৰে। অহা ২৩ আগষ্টৰ পৰা ৰিপাব্লিকান পাৰ্টিৰ টিভিৰ অনুষ্ঠান সমূহ আৰম্ভ হব আৰু ইয়াৰ পাছৰ পৰা প্ৰাৰ্থীসকলৰ মাজত আৰম্ভ হব প্ৰকৃত দৌৰ ।