ISHAN NEWS – Always One Step Ahead of Time…

আন এক গোধৰা কাণ্ড সংঘটিত হব দেশত । ৰাম মন্দিৰ উদ্বোধনৰ পাছতেই দেশত সংঘটিত হব ভয়ংকৰ কাণ্ড । উদ্ধৱ থাকৰেৰ মন্তব্যত উত্তপ্ত দেশৰ ৰাজনীতি

0 113

যি সময়ত ৰামমন্দিৰ শুভ উদ্বোধনৰ বাব যাৱতী প্রস্তুতি আগবাঢ়িছে তেনে সময়তে , ৰামমন্দিৰ উদ্বোধন সন্দৰ্ভত উদ্ধৱ ঠাকৰেয়ে আগবঢ়োৱা মন্তব্যক লৈ তোলপাৰ লাগিছে দেশৰ ৰাজনীতিত ।
উদ্ধৱ থাকৰেয়ে উত্তৰপ্রদেশত নিৰ্মাণ কৰি থকা ৰাম মন্দিৰ উদ্বোধনৰ পাছতেই দেশত আন এক ‘গোধৰাৰ’ দৰে ঘটনা সংঘটিত হব পাৰে বুলি উল্লেখ কৰে । শিৱসেনা তথা ইউ বি টি ৰ সভাপতি গৰাকীৰ এই মন্তব্যৰ পাছতেই দেশজুৰি তীব্ৰ বিতৰ্কৰ সৃষ্টি হৈছে।


মহাৰাষ্ট্ৰৰ জলগাঁওত অনুষ্ঠিত এখন সভাত ভাষণ দি উদ্ধৱ ঠাকৰে কয় যে ,”অযোধ্যাত ৰাম মন্দিৰ উদ্বোধনৰ বাবে চৰকাৰে বাছ আৰু ট্ৰাকত বিভিন্ন স্থানৰ পৰা বৃহৎ সংখ্যক লোকক অনাৰ বৱস্থা কৰিব । ‌ৰাম মন্দিৰ উদ্বোধন হৈ যোৱাৰ পাছত সেই স্থানৰ পৰা যাত্রী সকল উভতি অহাৰ সময়তে ‘গোধৰা’ৰ দৰে ঘটনা সংঘটিত হোৱাৰ সম্ভাৱনা আছে । দেশৰ লোকসভা নিৰ্বাচনলৈ কেইমাহমান বাকী থকা অৱস্থাতে উদ্ধৱ থাকৰেৰ এই মন্তব্যই তীব্ৰ বিতৰ্কৰ সূচনা কৰিছে ।

২০২৪ চনৰ জানুৱাৰীত ৰাম মন্দিৰ উদ্বোধন কৰাৰ বাবে চৰকাৰে প্রস্তুতি চলোৱাৰ সময়তে উদ্ধৱ ঠাকৰে বিজেপি আৰু আৰ এছ এছকো সমালোচনা কৰে । চৰকাৰক সমালোচনা কৰি উদ্ধৱ ঠাকৰে কয় যে , বিজেপি আৰু আৰ এছ এছৰ নিজৰ কোনো সাফল্য নাই। মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে চৰ্দাৰ পেটেলৰ প্ৰতিমূৰ্তিৰ আকাৰ গুৰুত্বপূৰ্ণ নহয়, কিন্তু তেওঁৰ কৃতিত্বহে গুৰুত্বপূৰ্ণ।

পূৰ্বেও উদ্ধৱ ঠাকৰেয়ে মোডী চৰকাৰক তীব্ৰ সমালোচনা কৰিছিল। ৰাখী বন্ধনৰ উপহাৰ হিচাপে দেশত ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য ২০০ টকা হ্ৰাস কৰাৰ সিদ্ধান্তৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি উদ্ধৱ থাকৰে কৈছিল যে, বিজেপিয়ে ন বছৰ ধৰি ভগ্নীসকলক মনত নাৰাখি , হঠাতে ভগ্নীসকলক স্মৰণ কৰে আৰু তেওঁলোকলৈ ৰাখীৰ উপহাৰ আগবঢ়ায় ।

Leave A Reply

Your email address will not be published.