ISHAN NEWS – Always One Step Ahead of Time…

গাহৰিৰ বৃক্কৰ সফল সংৰোপণ । হাজাৰ হাজাৰ ৰোগীৰ বাবে আশাৰ বতৰা কঢ়িয়াই আনিছে আমেৰিকাৰ বিশেষজ্ঞই

0 195

সময়ত প্রয়োজনীয় অংগ নোপোৱাৰ বাবে মৃত্যুমুখত পৰে বহু ব্যক্তি । প্রয়োজনীয় অংগৰ বাবে চিকিৎসালয়ত দীৰ্ঘদিন ধৰি অপেক্ষা কৰিবলগীয়া হয় বহু ৰোগীয়ে । মানৱ শৰীৰৰ বাবে প্রয়োজন হোৱা অংগ লাভ কৰাটো অতিকৈ কঠিন ।
মানৱ শৰীৰৰ বাবে প্রয়োজন হোৱা এই অংগ সমস্যা দুৰ কৰিবলৈ বিশ্বৰ বিভিন্ন স্থানত চলিছে দিঘলীয়া গৱেষণা । শেহতীয়াকৈ ফ্রান্স প্ৰেছে প্রকাশ কৰা এটি বাতৰিয়ে আশাৰ সঞ্চাৰ কৰিছে জনসাধাৰণৰ মনত ।
প্রকাশিত বাতৰি মতে, আমেৰিকাৰ অস্ত্রোপচাৰৰ বিশেষজ্ঞ সকলে গাহৰিৰ বৃক্ক মানৱ শৰীৰত সফলতাৰে সংৰোপন কৰিবলৈ সক্ষম হৈছে । মানৱ শৰীৰত গাহৰিৰ বৃক্ক সংৰোপণ কৰাৰ পাছত বৃক্কটোৱে সঠিক ভাবে কাম কৰি আছে বুলি কৰিছে বিশেষজ্ঞ সকলে । বিশেষজ্ঞ সকলে মানুহৰ শৰীৰত সংৰোপন কৰা গাহৰিৰ বৃক্কটোৰ জিন সলনি কৰি চিকিৎসকে মগজু মৃত বুলি ঘোষণা কৰা এগৰাকী ব্যক্তিৰ শৰীৰত সফলতাৰে সংৰোপন কৰে ।

বৃহস্পতিবাৰে অস্ত্রোপচাৰ বিশেষজ্ঞ সকলে সদৰি কৰে ৬১ দিন ধৰি এটা গাহৰিৰ বৃক্কই মানুহৰ শৰীৰত সফলতাৰে কাৰ্য্যসম্পাদন কৰাত অন্ত পেলাইছে এই পৰীক্ষাৰ । এই সফলতাই জেনোট্ৰান্সপ্লাণ্টৰ ক্ষেত্রত আশাৰ সঞ্চাৰ কৰিছে। যেতিয়া কোনো প্রাণীৰ অংগ মানৱ শৰীৰত সংৰোপন কৰা হয় চিকিৎসা বিজ্ঞানৰ ভাষাত তেনে ব্যৱস্থাক জেনোট্ৰান্সপ্লাণ্ট হিচাপে অভিহিত কৰা হয় ।


আমেৰিকাত প্রতিবছৰে একলাখতকৈও অধিক ব্যক্তিয়ে অপেক্ষা কৰিবলগীয়া হয় অংগ সংৰোপণৰ বাবে । ইয়াৰ ভিতৰত ৮৮ হাজাৰ লোকক প্রয়োজন হয় বৃক্কৰ । যোৱা জুলাই মাহত অস্ত্রোপচাৰৰ নেতৃত্ব দিয়া নিউয়ৰ্ক বিশ্ববিদ্যালয়ৰ ট্ৰান্সপ্লাণ্ট ইনষ্টিটিউটৰ সঞ্চালক ৰবাৰ্ট মণ্টোগমেৰীয়ে কয় যে, যোৱা দুমাহত বহু বিশ্লেষণ আৰু সূক্ষ্মভাবে কৰা পৰ্যবেক্ষণৰ অন্তত এই সফলতা লাভ কৰাৰ কথা সদৰি কৰে । গাহৰিৰ বৃক্ক এই সফল সংৰোপনৰ পৰীক্ষাই আশাৰ সঞ্চাৰ কৰিছে অংগ সংৰোপনৰ বাবে অপেক্ষা কৰি থকা ৰোগীৰ মাজত ।


২০২২ চনত মেৰিলেণ্ড মেডিকেল স্কুলৰ অস্ত্রোপচাৰ বিশেষজ্ঞ সকলে প্রথমবাৰৰ বাবে গাহৰিৰ হৃদযন্ত্র মানৱ শৰীৰত সংৰোপণ কৰিছিল । গাহৰিৰ হৃদযন্ত্র সংৰোপণ কৰা দুমাহৰ পাছত মৃত্যু হৈছিল ব্যক্তিগৰাকীৰ । মৃত্যুৰ কাৰণ আছিল গাহৰিৰ অংগত থকা চাইট’মেগাল’ ভাইৰাছ ।
উল্লেখযোগ্য যে, ১৯৯৭ চনতে অসমত সফলতাৰে এগৰাকী ৰোগীৰ শৰীৰত গাহৰিৰ হৃদযন্ত্র সফলতাৰে সংৰোপন কৰা বুলি দাবী কৰিছিল চিকিৎসক ধনীৰাম বৰুৱাই ।

Leave A Reply

Your email address will not be published.