ISHAN NEWS – Always One Step Ahead of Time…

নিপা ভাইৰাছৰ সংহাৰ ! ২৫ ছেপ্তেম্বৰলৈকে সকলো শিক্ষানুষ্ঠান বন্ধৰ ঘোষণা ISHAN NEWS…

0 1,008

কেৰালাত নিপা ভাইৰাছৰ দ্ৰুত সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি আগন্তুক এসপ্তাহলৈ অৰ্থাত ২৪ ছেপ্তেম্বৰলৈকে ৰাজ্যখনৰ কোঝিকোড় জিলাৰ সকলো শিক্ষা প্ৰতিষ্ঠান বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। নিৰ্দেশনা অনুসৰি অহা এসপ্তাহলৈ সকলো বিদ্যালয়, পেছাদাৰী কলেজ আৰু টিউচন চেণ্টাৰসমূহ বন্ধ থাকিব।

শুকুৰবাৰে জিলা প্ৰশাসনে জানিব দিয়া অনুসৰি বন্ধৰ দিন কেইটাত অনলাইন পদ্ধতিৰে পাঠদানৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

উল্লেখ্য যে, নিপা ভাইৰাছত আক্ৰান্ত ব্যক্তিৰ সংস্পৰ্শলৈ অহা লোকৰ সংখ্যা ১০৮০ গৰাকীলৈ বৃদ্ধি পাইছে। এইসকলৰ ভিতৰত আছে ৩২৭ গৰাকী স্বাস্থ্য কৰ্মী। স্বাস্থ্য বিভাগৰ তথ্য অনুসৰি, এই পৰ্যন্ত ৰাজ্যখনত নিপা ভাইৰাছত ৬ গৰাকী লোক আক্ৰান্ত হোৱাৰ লগতে ১৭ গৰাকী লোকক আইছ’লেশ্যনত ৰখা হৈছে।

আনহাতে ৰাজ্যখনত এই ভাইৰাছবিধৰ সংক্ৰমণৰ ফলত বৰ্তমানলৈকে দুজনৰ মৃত্যু ঘটিছে। সক্ৰিয় ৰোগীৰ ভিতৰত ৪ জন ৰোগী চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।  সংক্ৰমণ প্ৰতিৰোধৰ বাবে ইতিমধ্যেই ৰাজ্যখনৰ বিভিন্ন অঞ্চলক কন্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰিছে প্ৰশাসনে।

Leave A Reply

Your email address will not be published.