ISHAN NEWS – Always One Step Ahead of Time…

এছিয়া কাপঃ ফাইনেলৰ পূৰ্বে বাহিৰ হ’ল এগৰাকী তাৰকা ক্ৰিকেটাৰ

0 6,640

১৭ ছেপ্তেম্বৰ অৰ্থাত দেওবাৰে কলম্বোৰ আৰ প্ৰেমদাসা ষ্টেডিয়ামত অনুষ্ঠিত হ’ব এছিয়া কাপৰ চূড়ান্ত মেচখন। এছিয়াৰ শ্ৰেষ্ঠত্ব অৰ্জনৰ লক্ষ্যৰে মুখামুখি হ’ব প্ৰতিযোগিতাখনৰ ইতিহাসৰ আটাইতকৈ সফল দুই দল ভাৰত আৰু শ্ৰীলংকা।

কিন্তু চূড়ান্ত মেচখনৰ পূৰ্বে এটা দলৰ বাবে আহিছে এটা বেয়া খবৰ। সন্মানীয় প্ৰতিযোগিতাখনত দুৰ্দান্ত প্ৰদৰ্শন আগবঢ়োৱা এগৰাকী খেলুৱৈ আঘাতৰ বাবে চূড়ান্ত মেচখনৰ পৰা বাহিৰ হৈছে।

ভাৰতৰ বিৰুদ্ধে ফাইনেলৰ প্ৰাকক্ষণত এক মোক্ষম আঘাতৰ সন্মুখীন হৈছে শ্ৰীলংকা। হেমষ্ট্ৰিঙৰ আঘাতৰ বাবে দলৰ পৰা বাহিৰ হ’ল তাৰকা স্পিনাৰ মহীশ থিকছানা।  

বৃহস্পতিবাৰে পাকিস্তানৰ বিৰুদ্ধে খেলা মেচখনত ফিল্ডিং কৰি থকা অৱস্থাত সোঁফালৰ হেমষ্ট্ৰিঙৰ সমস্যাত ভুগিছিল থিকছানাই। এই আঘাত গুৰুতৰ হোৱা বাবে থিকছানা ফাইনেলৰ বাবে উপলব্ধ নহ’ব।

থিকছানাৰ এই আঘাতৰ বাবে এতিয়া সমস্যাত পৰিছে শ্ৰীলংকা। থিকছানাৰ অনুপস্থিতিত শক্তিশালী ভাৰতীয় বেটিং লাইনআপক প্ৰত্যাহ্বান জনোৱাটো যথেষ্ট প্ৰত্যাহ্বানমূলক হ’ব শ্ৰীলংকাৰ বাবে। 

উল্লেখ্য যে চলিত বৰ্ষত এদিনীয়া ফৰ্মেটত শ্ৰীলংকাৰ হৈ সৰ্বাধিক উইকেট দখল কৰা থিকছানাই ২০২৩ এছিয়া কাপতো চমকপ্ৰদ প্ৰদৰ্শন আগবঢ়াইছে।

অৱশ্যে আঘাতৰ বাবে এছিয়া কাপৰ ফাইনেলৰ পৰা বাহিৰ হ’লেও আগন্তুক এদিনীয়া বিশ্বকাপৰ পূৰ্বে খেলুৱৈগৰাকী সম্পূৰ্ণৰূপে সুস্থ হৈ উঠিব বুলি শ্ৰীলংকাৰ মেনেজমেণ্টে আশা প্ৰকাশ কৰিছে।

Leave A Reply

Your email address will not be published.