ডাইমণ্ড লীগৰ ফাইনেলত থমকিল গতি, দ্বিতীয় স্থানতে সন্তুষ্ট নীৰজ চোপ্ৰা ISHAN NEWS
বিশ্ব চেম্পিয়নশ্বিপত স্বৰ্ণ জয় কৰি ইতিহাস সৃষ্টি কৰা ভাৰতৰ তাৰকা জেভেলিন থ্ৰ’ৱাৰ নীৰজ চোপ্ৰাই আমেৰিকাত অনুষ্ঠিত হোৱা ডাইমণ্ড লীগৰ ফাইনেলত খিতাপ দখলত ব্যৰ্থ হয়।
৮৩.৮০ মিটাৰ স্বাভাৱিক প্ৰদৰ্শনেৰে দ্বিতীয় স্থানতে সন্তুষ্ট থাকিবলগীয়া হয় নীৰজ। ২৫ বছৰীয়া নীৰজ চোপ্ৰাই হেৱাৰ্ড ফিল্ডত অনুষ্ঠিত ফাইনেলত যথেষ্ট সংগ্ৰাম কৰা পৰিলক্ষিত হৈছিল। তেওঁৰ দুটাকৈ থ্ৰ’ফাউল হৈছিল।দিনটোৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন আহিছিল দ্বিতীয় প্ৰচেষ্টাত।
প্ৰথম প্ৰয়াসত ফাউল কৰাৰ পাছত নীৰজে দ্বিতীয় প্ৰয়াসত ৮৩.৮০ মিটাৰ দূৰত্বলৈ জেভেলিন নিক্ষেপ কৰে। তেওঁৰ আন আন প্ৰচেষ্টা আছিল ৮১.৩৭ মিটাৰ, ফাউল, ৮০.৭৪ মিটাৰ আৰু ৮০.৯০ মিটাৰ।
ডাইমণ্ড লীগ ১৩টা পৰ্যায়ৰ এদিনীয়া প্ৰতিযোগিতা। চলিত ছিজনত ৮৫ মিটাৰতকৈ কম দূৰত্বত চোপ্ৰাৰ এইটোৱেই প্ৰথম প্ৰদৰ্শন।
চেক ৰিপাব্লিকৰ জাকুব ভাডলেচে ৮৪.২৪ মিটাৰ থ্ৰ’ৰে তৃতীয়বাৰৰ বাবে ডাইমণ্ড লীগ ফাইনেলৰ খিতাপ দখল কৰে। ফিনলেণ্ডৰ অলিভাৰ হেলাণ্ডাৰে ৮৩.৭৪ মিটাৰ শ্ৰেষ্ঠ থ্ৰ’ৰে তৃতীয় স্থান দখল কৰে। ভাডলেচে লাভ কৰে ডাইমণ্ড লীগৰ ট্ৰফী আৰু ৩২ হাজাৰ ডলাৰ। দ্বিতীয় স্থান দখল কৰা চোপ্ৰাই লাভ কৰে ১২ হাজাৰ ডলাৰ।
উল্লেখ্য যে, ২০২২ চনত জুৰিখত ৮৮.৪৪ মিটাৰ প্ৰচেষ্টাৰে ডাইমণ্ড লীগ ফাইনেলৰ খিতাপ দখল কৰিছিল নীৰজ চোপ্ৰাই।