ISHAN NEWS – Always One Step Ahead of Time…

ভাৰত-অষ্ট্ৰেলিয়া শৃংখলাৰ বাবে দল ঘোষণা; দললৈ প্ৰত্যাৱৰ্তন কেইবাগৰাকীও তাৰকা খেলুৱৈৰ

0 14,799

২০২৩ বৰ্ষৰ এদিনীয়া বিশ্বকাপৰ পূৰ্বে ২২ ছেপ্টেম্বৰৰ পৰা ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত হ’ব ৩খন মেচৰ এদিনীয়া শৃংখলা। এই শৃংখলাটো অনুষ্ঠিত হ’ব ভাৰতত।


শৃংখলাৰ প্ৰথমখন মেচ মোহলীত অনুষ্ঠিত হ’ব। দ্বিতীয়খন খেল ২৪ ছেপ্টেম্বৰত ইন্দোৰত অনুষ্ঠিত হোৱাৰ বিপৰীতে শৃংখলাৰ তৃতীয় তথা অন্তিমখন মেচ ২৭ ছেপ্টেম্বৰত সৌৰাষ্ট্ৰত অনুষ্ঠিত হ’ব।

শৃংখলাটোৰ বাবে আলহী দল অষ্ট্ৰেলিয়াই ঘোষণা কৰিছে নিজৰ দল। শৃংখলাটোত আঘাতৰ বাবে দলৰ পৰা আঁতৰি থকা কেইবাগৰাকী খেলুৱৈ দললৈ ঘূৰি আহিছে।


দলটোৰ নেতৃত্ব পেট কামিন্সৰ হাতত অৰ্পণ কৰা হৈছে। ষ্টিভ স্মিথ, মিচেল ষ্টাৰ্ক আৰু গ্লেন মেক্সৱেলৰ প্ৰত্যাৱৰ্তন ঘটিছে দললৈ। আঘাতৰ বাবে দলত স্থান লাভ নকৰিলে ট্ৰেভিছ হেডে।

বিশ্বকাপ ২০২৩ৰ প্ৰতি লক্ষ্য ৰাখি দুয়োটা দলৰ বাবে এই তিনিখন মেচ অতি গুৰুত্বপূৰ্ণ হ’ব। ভাৰতীয় ক্ৰিকেট দলেও এই শৃংখলাৰ বাবে নিজৰ দলটো অতি শীঘ্ৰে ঘোষণা কৰিব।

ভাৰতৰ বিৰুদ্ধে খেলিবলগীয়া শৃংখলাটোৰ বাবে ঘোষণা কৰা অষ্ট্ৰেলিয়া দলটো

পেট কামিন্স (অধিনায়ক), শ্বীন এবট, এলেক্স কেৰী, নাথান এলিছ, কেমেৰন গ্ৰীণ, জোছ হেজলউড, জোছ ইংলিছ, স্পেন্সৰ জনছন, মাৰ্নাছ লাবুশ্বেন, মিচেল মাৰ্ছ, গ্লেন মেক্সৱেল, টানভিৰ সংঘ, মেথিউ শ্বৰ্ট, ষ্টিভ স্মিথ, মিচেল ষ্টাৰ্ক, মাৰ্কছ ষ্টইনিছ, ডেভিড ৱাৰ্নাৰ আৰু এডাম জাম্পা।

Leave A Reply

Your email address will not be published.