ISHAN NEWS – Always One Step Ahead of Time…

‘ঘৃণামূলক মন্তব্য’ৰ বাবে হিমন্তৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবলৈ কমল নাথক আহ্বান অসম কংগ্ৰেছৰ ISHAN NEWS…

0 266

অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছ সাংসদ তথা দলৰ প্ৰাক্তন সভানেত্ৰী ছোনিয়া গান্ধীক লৈ ঘৃণামূলক ভাষণ দিয়াৰ অভিযোগ সন্দৰ্ভত অসম কংগ্ৰেছে মধ্যপ্ৰদেশ কংগ্ৰেছ সমিতিৰ সভাপতি কমল নাথলৈ পত্ৰ প্ৰেৰণ কৰিছে।

ৰাজ্যিক কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই নাথলৈ লিখা এখন পত্ৰত আঙুলিয়াই দিয়ে যে উচ্চতম ন্যায়ালয়ে ২৮ এপ্ৰিলত সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলক ঘৃণামূলক ভাষণ দিয়াসকলৰ বিৰুদ্ধে নিজাববীয়াকৈ গোচৰ ৰুজু কৰিবলৈ নিৰ্দেশ দিছে।

উল্লেখ্য যে, দুদিন পূৰ্বে বিৰোধী দলৰ নেতা দেৱব্ৰত শইকীয়াই বিজেপি নেতা শৰ্মাৰ বিৰুদ্ধে ছোনিয়া গান্ধীৰ বাসগৃহ জ্বলাই দিব লাগে বুলি কৰা “ঘৃণনীয় বক্তব্য”ৰ বিৰুদ্ধে আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰিছিল।

২১ ছেপ্টেম্বৰৰ পত্ৰত বৰাই উল্লেখ কৰে, ‘যোৱা ১৮ ছেপ্তেম্বৰ অৰ্থাত সোমবাৰে মধ্যপ্ৰদেশৰ বিদিশা জিলাত এখন ৰাজহুৱা সভাত তেওঁ (শৰ্মা) কৈছিল- ‘মই কমল নাথক প্ৰত্যাহ্বান জনাব বিচাৰো, যদি আপুনি হনুমান ভক্ত হয়, হনুমানে লংকা জ্বলাই দিছিল, আপুনি ১০ জনপথ জ্বলাই দিব লাগে।‘

উল্লেখ্য ১০ জনপথ হৈছে কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধীৰ বাসগৃহ।

পূৰ্বৰ টুইটাৰ তথা এতিয়াৰ Xত শ্বেয়াৰ কৰা চিঠিখনত বৰাই আৰু লিখিছে, আমি ইতিমধ্যে অসমত মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰিছো। আপোনালোকক, বা মধ্যপ্ৰদেশ কংগ্ৰেছৰ আইন বিভাগক অনুৰোধ কৰিছো যে আপোনাৰ ৰাজ্যতো তেওঁৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰক।

উল্লেখ্য যে, শইকীয়াই যোৱা ২০ ছেপ্টেম্বৰত শৰ্মাৰ বিৰুদ্ধে শিৱসাগৰ জিলাৰ নাজিৰা থানাত তেওঁৰ ঘৃণনীয় বক্তব্যৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছিল।

Leave A Reply

Your email address will not be published.