ISHAN NEWS – Always One Step Ahead of Time…

অসমৰ যুৱক-যুৱতীলৈ অসম চৰকাৰৰ বিশেষ আঁচনি । এই আঁচনিৰ সুবিধা আপুনি কেনেকৈ ল’ব পাৰিব ? ISHAN NEWS…

0 235

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা চৰকাৰে অসমৰ যুৱক যুৱতীৰ বাবে লৈ আহিছে ভাল খবৰ । ‘মুখ্যমন্ত্রীৰ আত্মনিৰ্ভৰ অসম অভিযান ২০২৩ ’ৰ অধীনত অসমৰ যুৱক – যুৱতীলৈ চৰকাৰে আগবঢ়াব ২ লাখৰ পৰা ৫ লাখকৈ টকা । অসমৰ উদ্যমী যুৱক-যুৱতীসকলক লৈ এই আঁচনিৰ জৰিয়তে চৰকাৰে এক শক্তিশালী উদ্যোগিক বাতাবৰণ গঢ়ি তোলাৰ লক্ষ্য হাতত লৈছে । অসমৰ প্রায় ২ লাখ যুৱক-যুৱতীক এই আঁচনিৰ অধীনত সামৰি ল’ব চৰকাৰে ।


আঁচনিৰ অধীনত কিমান ধন লাভ কৰিব?
এই আঁচনিৰ অধীনত এগৰাকী যুৱক বা এগৰাকী যুৱতীয়ে ২ লাখৰ পৰা ৫ লাখ টকাৰ পেকেজ লাভ কৰিব ।


যোগ্যতা :
অভিযান্ত্রিক, এম বি বি এছ , বি ডি এছ , পশু চিকিৎসা , মীন পালন আৰু কৃষিৰ স্নাতক আৰু স্নাতকোত্তৰ ডিগ্ৰীধাৰী সকলে এই আঁচনিৰ অধীনত ৫ লাখকৈ টকা লাভ কৰিব ।
আনহাতে সাধাৰণ পাঠ্যক্রমৰ স্নাতকোত্তৰ আৰু স্নাতক ডিগ্ৰীধাৰী, আই টি আই উত্তীৰ্ণ, পলিটৈকনিক উত্তীৰ্ণ / কাৰিকৰী পাঠ্যক্রমৰ ডিপ্লমাধাৰী ,মেট্ৰিক উত্তীৰ্ণ ( সাধাৰণ শ্ৰেণী), দশম শ্ৰেণীলৈকে পঢ়া প্রাৰ্থী (অনুসুচিত জাতি, অনুসুচিত জনজাতি, অন্যান্য পিচপৰা শ্ৰেণী ) ৰ যুৱক-যুৱতীসকলে লাভ কৰিব ২ লাখকৈ টকা । এই আঁচনিৰ অধীনত যুৱক-যুৱতীসকলে লাভ কৰিবলগীয়া অনুদান ৫০ শতাংশ আৰু ৫০ শতাংশ সুতমুক্ত চৰকাৰী ঋণ ।


কোন কোন ক্ষেত্রৰ বাবে অনুদান :
ষ্টৈচনাৰী, কৃষি আৰু উদ্যান শস্য , কুকুৰা পালন, দুগ্ধ পাম, ছাগলী পালন, গাহৰি পালন, মীন পালন, পেকছজিং , ৰেডিমেড পোছাক, ফেব্ৰিকেচন/ হাৰ্ডৱেৰ ব্যৱসায় , গছপুলি ৰোপণ , কাঠৰ ওপৰত নিৰ্ভৰশীল উদ্যোগ, ইত্যাদিৰ বাবে ধন আগবঢ়াব চৰকাৰে


কি কি নিয়মৰ ভিতৰত লাভ কৰিব আঁচনিৰ ধন :
ক) আবেদনকাৰী অসমৰ স্থায়ী বাসিন্দা হ’ব লাগিব
খ) ১ এপ্ৰিল ২০২৩ত আবেদনকাৰীৰ বয়স সাধাৰণ শ্ৰেণীৰ বাবে ২৮-৪০ বছৰ, অনুসুচিত জাতি, অনুসুচিত জনজাতি , অন্যান্য পাছপৰা শ্ৰেণীৰ ২৯ -৪৩ বছৰ হ’ব লাগিব
গ) সকলো হিতাধিকাৰীৰ এটা বেংক একাউণ্ট থকাটো প্রয়োজন
ঘ) আবেদনকাৰীয়ে বেংকৰ পৰা পূৰ্বে লোৱা কোনো ঋণ অনাদায় হৈ থাকিব নোৱাৰিব ।
ঙ) এটা পৰিয়ালৰ এজন সদস্যহে যোগ্য বিবেচিত হ’ব ।
চ) আবেদনকাৰীৰ নাম নিয়োগ বিনিময় কেন্দ্ৰত পঞ্জীয়ন থকাটো বাধ্যতামূলক ।
এই আঁচনিৰ সুবিধা লাভৰ বাবে ২৪ অক্টোবৰ ২০২৩ ৰ পৰা আবেদন কৰিব পাৰিব।

Leave A Reply

Your email address will not be published.