এছিয়ান গেমছৰ এখন খেলত ভংগ হ’ল পূৰ্বৰ বহুকেইটা অভিলেখ। ICC ৰ বাবেও আছিল কল্পনাৰ অগোচৰ !
ক্রিকেটাৰ দীপেন্দ্ৰ সিঙে ক্রিকেটৰ ইতিহাসত গঢ়িলে এক নতুন অভিলেখ । যিটো অভিলেখ ভংগ কৰাটো প্রায় প্ৰায় অসম্ভৱ।
চন ২০০৭, টি-২০ বিশ্বকাপৰ এখন স্মৰণীয় খেল। যি খন খেলত যুৱৰাজ সিঙে ইংলেণ্ডৰ বিৰুদ্ধে ১২ টা বলত অৰ্ধশতক অৰ্জন কৰিছিল। এই অভিলেখ ভংগ কৰাটো সহজ নাছিল। বহু ক্রিকেটাৰে এই অভিলেখ ভাঙিবলৈ চেষ্টা কৰিও ব্যৰ্থ হৈছিল ।প্ৰায় ১৪ বছৰৰ পাছত, এই অভিলেখ সহজেই ভংগ কৰিলে নেপালৰ বেটছমেন দীপেন্দ্ৰ সিঙে । আজি অৰ্থাৎ ২৭ ছেপ্টেম্বৰত দীপেন্দ্ৰ সিঙে এনে এক অভিলেখ গঢ়িলে যিটো অভিলেখ ক্ৰিকেটৰ ইতিহাসত কেতিয়াও ভংগ কৰিব নোৱাৰিব । যদিহে আগন্তুক সময়ত ক্ৰিকেটৰ কিছুমান নিয়মৰ সাল-সলনি কৰা নহয়।
চীনত অনুষ্ঠিত এছিয়ান গেমছ ২০২৩ ত মঙ্গোলিয়াৰ বিৰুদ্ধে অনুষ্ঠিত খেলখনত দীপেন্দ্ৰ সিঙে মাত্ৰ ৯ টা বলত অৰ্ধশতক অৰ্জন কৰে। য’ত আছিল 8 টা বিশাল ছয় ।
এইখন খেলত কেৱল এটাই নহয়, আৰু কেইবাটাও অভিলেখ সৃষ্টি হৈছে ।
ভংগ হ’ল ৰোহিত শৰ্মাৰ অভিলেখ :
নেপালৰ বেটছমেন কুশল মাল্লাই মাত্ৰ ৩৪ টা বলত অৰ্জন কৰে শতক । টি-২০ ক্ৰিকেটৰ ইতিহাসত এইটো হৈছে দ্ৰুততম শতক।
এই নতুন অভিলেখৰ পূৰ্বে ৰোহিত শৰ্মা আৰু দক্ষিণ আফ্ৰিকাৰ বেটছমেন ডেভিড মিলাৰে ৩৫ টা বলত অৰ্জন কৰিছিল শতক ।
উল্লেখযোগ্য যে, আজিৰ খেলখনত মাল্লাই ৫০ টা বলত ১৩৭ ৰাণ সংগ্ৰহ কৰে। য’ত আছে ৮ টা চাৰি আৰু ১২ টা ছয়।
টি-২০ ত ৩০০ তকৈ অধিক ৰাণ
এছিয়ান গেমছৰ এইখন টি-২০ ক্ৰিকেটত নেপালে সৰ্বাধিক স্ক’ৰ অভিলেখ গঢ়ে । নিৰ্ধাৰিত ২০ অভাৰত তিনিটা উইকেট হেৰুৱাই নেপালে ৩১৪ ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হয় । টি-২০ ক্ৰিকেটৰ ইতিহাসত প্ৰথম বাৰৰ বাবে এটা দলে ৩০০ বা ততোধিক ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হয় ।
নেপালে সংগ্ৰহ কৰা ৩১৪ ৰাণৰ বিপৰীতে মঙ্গোলিয়াই মাত্ৰ ৪১ ৰাণহে সংগ্ৰহ কৰিবলৈ সক্ষম হয় । অৰ্থাৎ ২৭৩ ৰাণৰ ব্যৱধানত মংগোলীয়াৰ বিৰুদ্ধে অভিলেখ সংখ্যক ৰাণৰ ব্যৱধানত জয় লাভ কৰে নেপালে। টি-২০ ক্ৰিকেট ইতিহাসত ৰাণৰ ক্ষেত্ৰত এইটো আছিল বৃহৎ ব্যৱধানত জয় লাভ ।
এইখন খেলতে আন এক অভিলেখো গঢ়ে নেপালে ।এইখন খেলত নেপালে ২৬ টা ছয় কোবাই আন এক অভিলেখ সৃষ্টি কৰে । আগতে এই অভিলেখ ৱেষ্ট ইণ্ডিজ আৰু আফগানিস্তানৰ নামত আছিল। দুয়োটা দলে এখন খেলত ২২ টা ছয় কোবাইছিল।