ক্ৰিকেটৰ মহাৰণ; বিশ্বকাপৰ প্ৰস্তুতিৰ বাবে গুৱাহাটীত উপস্থিত দুটাকৈ আগশাৰীৰ দল
মাজত আৰু মাত্ৰ কেইটামান দিন। অহা ৫ অক্টোবৰৰ পৰা আৰম্ভ হ’ব ক্ৰিকেটৰ মহাৰণ। ১০টা দলে খিতাপৰ বাবে যুঁজ দিয়াৰ পূৰ্বে ভাৰতৰ বিভিন্ন চহৰত অনুষ্ঠিত হ’ব প্ৰস্তুতিমূলক মেচ। এই উদ্দেশ্যে আজি গুৱাহাটীত উপস্থিত হৈছেহি শ্ৰীলংকা আৰু বাংলাদেশৰ দল দুটা।
প্ৰথমে শ্ৰীলংকান দলটো আজি পুৱাই আহি উপস্থিত হয়হি গুৱাহাটীত। বৰঝাৰ বিমান বন্দৰৰ পৰা শ্ৰীলংকা ক্ৰিকেট দলটোক কটকটীয়া নিৰাপত্তাৰ মাজেৰে পোনে পোনে হোটেল তাজ ভিভাণ্টালৈ লৈ যোৱা হয়।
শ্ৰীলংকাৰ অধিনায়ক ডাচুন চনকাৰ নেতৃত্বত অহা শ্ৰীলংকান দলটোৱে বৰ্ষাপাৰাত ২৯ ছেপ্টেম্বৰত বাংলাদেশৰ বিৰুদ্ধে আৰু ৩ অক্টোবৰত আফগানিস্তানৰ বিৰুদ্ধে খেলিব দুখনকৈ ৱাৰ্ম আপ মেচ।
ইফালে, একেই উদ্দেশ্যেৰে বিয়লি গুৱাহাটীত উপস্থিত হয়হি বাংলাদেশৰ দলটো। বাংলাদেশৰ ক্ৰিকেট দলটোৱে বাহৰ পাতিছে হোটেল ৰেডিছন ব্লুত।
উল্লেখ্য যে, আই চি চিৰ সূচী অনুসৰি গুৱাহাটীৰ বৰ্ষাপাৰ ক্ৰিকেট ষ্টেডিয়ামত ২৯ চেপ্তেম্বৰৰ পৰা ৩ অক্টোবৰলৈ অনুষ্ঠিত হ’ব চাৰিখন ৱাৰ্ম আপ মেচ।
ইয়াৰে ২৯ ছেপ্তেম্বৰত শ্ৰীলংকাই বাংলাদেশৰ বিৰুদ্ধে প্ৰথমখন ৱাৰ্ম আপ মেচ খেলিব। ইয়াৰ পিছত দ্বিতীয়খন ৱাৰ্ম আপ মেচ ৩০ ছেপ্তেম্বৰত ভাৰত-ইংলেণ্ডৰ মাজত অনুষ্ঠিত হ’ব।
২ অক্টোবৰত ইংলেণ্ড আৰু বাংলাদেশৰ মাজত অনুষ্ঠিত হ’ব তৃতীয়খন ৱাৰ্ম আপ মেচ। ইফালে গুৱাহাটীত অন্তিমখন ৱাৰ্ম আপ মেচ ৩ অক্টোবৰত অনুষ্ঠিত হ’ব আফগানিস্তান আৰু শ্ৰীলংকাৰ মাজত।