ISHAN NEWS – Always One Step Ahead of Time…

টি-২০ ক্ৰিকেটত এটা, দুটা নহয় তিনিটাকৈ বিশ্ব অভিলেখ গঢ়িলে নেপালে

0 1,781

নেপালৰ পুৰুষ ক্ৰিকেট দলে এছিয়ান গেমছত ৰচিলে ইতিহাস। হাংঝোত চলি থকা এছিয়ান গেমছত বুধবাৰে নেপালে মংগোলিয়াৰ বিৰুদ্ধে খেলি টি-২০ ক্ৰিকেটৰ বহু অভিলেখ ভংগ কৰে।

সোমবাৰে মহিলা ক্ৰিকেটত ভাৰতে স্বৰ্ণ পদক অৰ্জন কৰাৰ পিছতে পুৰুষৰ প্ৰথমখন মেচত নেপালে তিনিটাকৈ বিশ্ব অভিলেখ গঢ়িবলৈ সক্ষম হয়।

নিৰ্ধাৰিত ২০ অভাৰত তিনিটা উইকেট হেৰুৱাই ৩১৪ ৰানৰ বিশাল স্ক’ৰ কৰি নেপালে টি-২০ ক্ৰিকেটত ৩০০ৰ সীমা অতিক্ৰম কৰা প্ৰথমটো দল হিচাপে পৰিগণিত হয়।

Dipendra Singh


ইতিমধ্যেই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদ চমুকৈ আই চি চিয়ে এছিয়ান গেমছৰ খেলসমূহক আন্তঃৰাষ্ট্ৰীয় টি-২০ৰ মৰ্যাদা দিয়া হ’ব বুলি নিশ্চিত কৰিছিল।

মেচখনত নেপালৰ দীপেন্দৰ সিং এৰীয়ে যুৱৰাজ সিঙৰ নামত থকা দীৰ্ঘদিনীয়া অভিলেখ ভংগ কৰি টি-২০ত দ্ৰুততম অৰ্ধশতক অৰ্জন কৰাৰ কৃতিত্ব গঢ়ে। তেওঁ ৯টা বলত অৰ্ধশতক সম্পূৰ্ণ কৰে।

২০০৭ চনৰ বিশ্বকাপৰ সময়ত ইংলেণ্ডৰ বিৰুদ্ধে যুৱৰাজে ১২টা বলত অৰ্ধশতক অৰ্জন কৰিছিল।

দীপেন্দ্ৰ সিং এৰীয়ে মাত্ৰ ১০টা বলত ৫২ ৰানৰ অপৰাজিত ইনিংছ খেলে আৰু ইয়াৰে ৪৮ ৰান ছয়ৰ পৰা আহিছিল।
ইফালে ভাৰতৰ অধিনায়ক ৰোহিত শৰ্মা আৰু দক্ষিণ আফ্ৰিকাৰ তাৰকা বেটছমেন ডেভিড মিলাৰৰ নামত থকা অভিলেখ ভংগ কৰি কুশল মল্লই টি-২০ত দ্ৰুততম শতক অৰ্জন কৰে। তেওঁ মাত্ৰ ৩৪টা বলত শতক সম্পূৰ্ণ কৰে।

ৰোহিত আৰু মিলাৰে ৩৫টা বলত শতক অৰ্জন কৰিছিল। মল্লই ৮টা চাৰি আৰু ১২টা ছয়েৰে মাত্ৰ ৫০টা বলত ১৩৭ ৰান সংগ্ৰহ কৰি অপৰাজিত হৈ থাকে।


হাংঝোৰ ঝেজিয়াং ইউনিভাৰ্চিটি অৱ টেকন’লজি ক্ৰিকেট ফিল্ডত নেপালে এই বিশ্ব অভিলেখ গঢ়ে।

উল্লেখ্য যে এছিয়ান গেমছৰ পুৰুষৰ প্ৰথম ৰাউণ্ডত তিনিটাকৈ দলৰ তিনিটাকৈ গ্ৰুপ থাকিব। প্ৰতিটো গ্ৰুপৰ শীৰ্ষ ৰেংকিঙৰ দলটোৱে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিব, য’ত ভাৰত, শ্ৰীলংকা, বাংলাদেশ, পাকিস্তান, আফগানিস্তানৰ দৰে দলে প্ৰতিযোগিতাত অংশ ল’ব।

শেহতীয়াকৈ অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে শৃংখলাৰ বাবে এদিনীয়া দলৰ হৈ প্ৰথম দুখন মেচ খেলা ঋুতুৰাজ গাইকৱাড়ে ভাৰতৰ নেতৃত্ব দিব।

Leave A Reply

Your email address will not be published.