ISHAN NEWS – Always One Step Ahead of Time…

বৰ্ষাপাৰত কাইলৈৰ পৰা বিশ্বকাপৰ ৱাৰ্ম আপ মেচ; যান-বাহনৰ বাবে বিশেষ নিৰ্দেশনা

0 1,542

বিশ্বকাপলৈ মাজত মাত্ৰ কেইটামান দিন। ইয়াৰ পূৰ্বে দেশৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত হ’ব ৱাৰ্ম আপ মেচ। ইতিমধ্যে আন প্ৰান্তৰ লগতে ৱাৰ্ম আপ মেচৰ বাবে সাজু হৈ উঠিছে গুৱাহাটী।

গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত ২৯, ৩০ ছেপ্টেম্বৰ আৰু ২, ৩ অক্টোবৰত অনুষ্ঠিত হ’ব বিশ্বকাপ ক্ৰিকেটৰ ৱাৰ্ম আপ খেল৷

অসম ক্ৰিকেট সন্থা সম্পূৰ্ণৰূপে সাজু হোৱাৰ লগতে খেল কেইখন যাতে সুকলমে অনুষ্ঠিত হৈ যায় তাৰ বাবে যান–বাহন আৰক্ষীয়ে যান–বাহন চলাচলৰ ক্ষেত্ৰত জাৰি কৰিছে কেতবোৰ নিষেধাজ্ঞা৷

নিষেধাজ্ঞা সমূহ তলত উল্লেখ কৰা হ’ল

১. ২৯, ৩০ ছেপ্টেম্বৰ আৰু ২, ৩ অক্টোবৰত পুৱা ৯ বজাৰ পৰা নিশা ১২ বজালৈ ২৭ আৰু ১৭নং ৰাষ্ট্ৰীয় ঘাইপথত সামগ্ৰী কঢ়িওৱা বাণিজ্যিক বাহন প্ৰৱেশ কৰিব নোৱাৰিব। চাৰিচকীয়া আৰু তাৰ ওপৰৰ সকলো বাহনত নিষেধাজ্ঞা জাৰি কৰা হৈছে।

২. একেদৰে উক্ত চাৰিদিন পুৱা ৯ বজাৰ পৰা নিশা ১২ বজালৈ এ কে আজাদ ৰোড আৰু এ কে দেৱ পথত ৩ চকীয়া আৰু তাৰ ওপৰৰ সকলো বাণিজ্যিক বাহনৰ চলাচল নিষিদ্ধ৷

৩. খেলৰ দিনকেইটাত পুৱা ১১ বজাৰ পৰা এ কে আজাদ পথটো (লখৰা পথ) সম্পূৰ্ণৰূপে ৱান ৱে’ অৰ্থাত একমুখী হ’ব।

৪. আনহাতে চাইকেল ফেক্টৰীৰ ফালৰ পৰা লখৰা চাৰিআলি অভিমুখে যান-বাহন চলাচল কৰাৰ ক্ষেত্ৰতো নিষেধাজ্ঞা জাৰি কৰা হৈছে। এই পথেৰে কেৱল পাছ থকা বাহনৰ লগতে স্কুল বাছ, এম্বুলেন্স আৰু অগ্নিনিৰ্বাপক বাহিনীৰ বাহনহে চলাচল কৰিব পাৰিব। আন কোনো বাহন লখৰা চাৰিআলিৰ পৰা প্ৰৱেশ কৰিব নোৱাৰিব।

৫. ৱাৰ্ম আপ মেচ অনুষ্ঠিত হ’বলগীয়া দিন কেইটাত বৰ্ষাপাৰা তিনিআলিৰ পৰা ধীৰেণপাৰা তিনিআলিলৈ খেলৰ গাড়ী, পাছ থকা বাহনৰ বাবে একক পথ হ’ব। কাৰ পাছ নথকা বাহনসমূহ বৰ্ষাপাৰা তিনিআলিৰ পৰা স্থানীয় বাসিন্দাৰ বাহিৰে আন লোকক প্ৰৱেশৰ অনুমতি দিয়া নহ’ব। ধীৰেণপাৰা তিনিআলিৰ পৰা বৰ্ষাপাৰা ষ্টেডিয়াম অভিমুখে কোনো ধৰণৰ যান-বাহন প্ৰৱেশ কৰিব নোৱাৰিব।

ইফালে উক্ত মেচ কেইখনৰ দিন কেইটাত বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত কেনেকৈ প্ৰৱেশ কৰিব পাৰিব সেই সম্পৰ্কেও দিয়া হৈছে নিৰ্দেশনা।

গেট নং-১ বি – এই গেটখনেৰে কেৱল গাড়ীৰ পাছ থকা আমন্ত্ৰিত অতিথিসকল প্ৰৱেশ কৰিব পাৰিব। দৰ্শকৰ প্ৰৱেশৰ বাবে থাকিব বাকী ছয়খন গেট। একেদৰে খেল চাবলৈ অহা বাহনৰ গৰাকীয়ে বাহনসমূহ পাৰ্কিং কৰাৰ বাবে নিৰ্দিষ্ট কৰি দিয়া হৈছে পাৰ্কিং স্থান।

এ কে দেৱ ৰোডত থকা চম্পাবতী ফিল্ড, গণেশপাৰা ফিল্ড, দতালপাৰা ফিল্ড, চম্পাৱতী ফিল্ডৰ পৰা গড়চুক তিনিআলিলৈ (এফালে একক লাইন পথৰ কাষত), আমবাৰী ৰংপথাৰ ফিল্ড, পি ডব্লিউ ডি ফিল্ড আৰু ফটাশিল আমবাৰীত পাৰ্কিং কৰিব পাৰিব বাহনসমূহ।

আনহাতে, এ কে আজাদ ৰোডৰ পৰা অহা দৰ্শকসকলৰ বাবে পাৰ্কিঙৰ সুবিধা ৰখা হৈছে লুটুমা ফিল্ড, বিশাল বিবাহ হলৰ ওচৰত চাইকেল ফেক্টৰী ফিল্ড, লালগণেশৰ পৰা সাওকুছি দলঙলৈ (এফালে একক লাইন পথৰ কাষত পাৰ্কিং),  ৰোলিং মিল পাৰ্কিং ফিল্ড আৰু কালি মন্দিৰ বসন্ত ক্লাব খেলপথাৰ, কলনী বজাৰত।

উল্লেখ্য যে, ২৯ ছেপ্তেম্বৰত শ্ৰীলংকাই বাংলাদেশৰ বিৰুদ্ধে প্ৰথমখন ৱাৰ্ম আপ মেচ খেলিব। ইয়াৰ পিছত দ্বিতীয়খন ৱাৰ্ম আপ মেচ ৩০ ছেপ্তেম্বৰত ভাৰত-ইংলেণ্ডৰ মাজত অনুষ্ঠিত হ’ব।

২ অক্টোবৰত ইংলেণ্ড আৰু বাংলাদেশৰ মাজত অনুষ্ঠিত হ’ব তৃতীয়খন ৱাৰ্ম আপ মেচ। ইফালে গুৱাহাটীত অন্তিমখন ৱাৰ্ম আপ মেচ ৩ অক্টোবৰত অনুষ্ঠিত হ’ব আফগানিস্তান আৰু শ্ৰীলংকাৰ মাজত।

এই চাৰিখন ৱাৰ্ম আপ মেচৰ বাবে ইতিমধ্যেই ভাৰতৰ লগতে বাকী দেশ কেইখনো গুৱাহাটীত উপস্থিত হৈছে।

Leave A Reply

Your email address will not be published.