চন্দ্ৰযান-৩ৰ সফলতাৰ পাছত ইছৰোৰ লক্ষ্য মঙ্গলগ্ৰহ । মঙ্গলযান-২ ৰ জৰিয়তে ৰঙা গ্ৰহত কি বিচাৰিব ইছৰোৱে । ISHAN NEWS…
মাৰ্চ অৰ্বিটাৰ মিছন-২ অৰ্থাৎ ‘মঙ্গলযান-২’ । চন্দ্ৰযান ৩ ৰ সফলতাৰ পাছত ইছৰোৱে মঙ্গল গ্ৰহলৈ মহাকাশযানৰ সৈতে প্ৰেৰণ কৰিব মুঠ চাৰিটা পেলোড ।
প্রায় ৯ বছৰৰ ব্যৱধানৰ পাছত, ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ইছৰো)ই মঙ্গলগ্ৰহলৈ মহাকাশযান প্ৰেৰণ কৰাৰ পৰিকল্পনা হাতত লৈছে । মঙ্গলগ্ৰহ অভিমুখে প্ৰেৰণ কৰিবলৈ ইছৰোৱে প্ৰস্তুত কৰা দ্বিতীয় খন মহাকাশযানৰ নাম ৰাখিছে মঙ্গলযান-২ । ইছৰোৰ মঙ্গলযান-২ য়ে মঙ্গল গ্ৰহৰ বিভিন্ন দিশ পৰীক্ষা – নীৰিক্ষা কৰাৰ উদ্দেশ্যে এই কাৰ্যসুচী হাতত লৈছে। মহাকাশযানৰ সৈতে মঙ্গল গ্ৰহলৈ ইছৰোৱে প্ৰেৰণ কৰিবলগীয়া চাৰিটা পেলোডে মঙ্গলগ্ৰহৰ বতৰ, মাটি আৰু ধুলি নিৰীক্ষণ কৰাৰ লগতে গ্ৰহটোৰ আনকেইবাটাও দিশৰ পৰীক্ষা চলাব ।
প্ৰথম পেলোডটোক মাৰ্চ অৰ্বিট ডাষ্ট এক্সপেৰিমেণ্ট বুলি কোৱা হৈছে । ইয়াৰ জৰিয়তে, মঙ্গলগ্ৰহৰ মাটিৰ পৰা এক নিৰ্দিষ্ট উচ্চতাত ধূলিৰ উৎপত্তি, ঘনত্বৰ বিষয়ে তথ্য আহৰণ কৰিব ।
দ্বিতীয় পেলোড ৰেডিঅ’ অক্লুচন (আৰ.অ’)। ইয়াৰ জৰিয়তে মঙ্গলগ্ৰহৰ বায়ুমণ্ডলত ইলেক্ট্ৰন, নিউট্ৰনৰ
লগতে বায়ুমণ্ডলৰ সামগ্ৰিক চৰিত্ৰ বিশ্লেষণ কৰিব । মঙ্গলযান-২ ৰ তৃতীয় পেলোড এনাৰ্জেটিক আয়ন স্পেক্ট্ৰোমিটাৰ (ইআইএছ)।মঙ্গলগ্ৰহৰ বায়ুমণ্ডলত সৌৰ শক্তিৰ কণা আৰু চুপাৰ থাৰ্মেলে সৌৰ বায়ু কণা চিনাক্ত কৰণৰ উদ্দেশ্যে এগ পেলোডটো নিৰ্মাণ কৰিছে । ইয়াৰ উপৰিও, চতুৰ্থ পেলোডটোক লেংমিৰে প্ৰোব এণ্ড ইলেক্ট্ৰিক ফিল্ড এক্সপেৰিমেণ্ট (ইএলপিইএক্স) বুলি নখমকৰণ কৰা হৈছে । মঙ্গলগ্ৰহৰ বায়ুমণ্ডলত প্লাজমাৰ বিষয়ে নিৰীক্ষণ কৰিবলৈ এই পেলোডটো নিৰ্মাণ কৰা হৈছে।
ইছৰোৱে চন্দ্ৰযান-৩ ৰ সফল অভিযানৰ জৰিয়তে বহুবোৰ নতুন তথ্য আহৰণ কৰিহলৈ সক্ষম হৈছে । ইয়াৰ পাছত, ইছৰোৱে সূৰ্যক পৰ্যবেক্ষণ কৰিবলৈ প্ৰেৰণ কৰে আদিত্য L1। এইবাৰ ইছৰোৰ নতুন লক্ষ্য মঙ্গলগ্ৰহৰ দ্বিতীয় অভিযান।