ISHAN NEWS – Always One Step Ahead of Time…

২৪ ঘণ্টাত আফগানিস্তানৰ হাতত দুবাৰকৈ পৰাস্ত হ’ল সিংহলী বাহিনী

0 2,939

এছিয়ান গেমছ ২০২৩ৰ পুৰুষৰ ক্ৰিকেট ইভেণ্টৰ তৃতীয়খন কোৱাৰ্টাৰ ফাইনেলত আফগানিস্তানে শ্ৰীলংকাক ৮ ৰানত পৰাস্ত কৰে। এই জয়েৰে আফগানিস্তানে এছিয়াডৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিবলৈ সক্ষম হয়।

উল্লেখ্য যে যোৱা ২৪ ঘন্টাৰ ভিতৰত আফগানিস্তানে শ্ৰীলংকাক দুবাৰকৈ পৰাস্ত কৰিছে। মঙলবাৰে আফগানিস্তানে বিশ্বকাপৰ ৱাৰ্ম আপ মেচতো শ্ৰীলংকাক পৰাস্ত কৰিছিল।

চীনৰ হাংঝোত চলি থকা এছিয়ান গেমছৰ কোৱাৰ্টাৰ ফাইনেল মেচখনত শ্ৰীলংকাই টছত জয়লাভ কৰি প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লৈছিল। শ্ৰীলংকাৰ অধিনায়কৰ এই সিদ্ধান্ত শুদ্ধ বুলি প্ৰমাণিত হয় আৰু ১ ৰানতে আফগানিস্তানৰ অ’পেনিং বেটছমেন ছেদিকুল্লাহ আটাল পেভিলিয়নলৈ উভতে।

কিন্তু ইয়াৰ পিছত মহম্মদ শ্বাহজাদ (২০), নূৰ আলী জাদৰান (৫১) আৰু শ্বাহিদুল্লাৰ (২৩) ৰানৰ সহায়ত আফগানিস্তানে ১৯ অভাৰত আটাইকেইটা উইকেট হেৰুৱাই ১১৬ ৰানৰ সন্মাজনক স্ক’ৰ কৰিবলৈ সক্ষম হয়।

১১৭ ৰানৰ লক্ষ্য আগত ৰাখি বেটিং কৰিবলৈ অহা শ্ৰীলংকাৰ বেটাৰসকলে আফগানিস্তানৰ আক্ৰমক বলিঙৰ আগত তিষ্ঠিব নোৱাৰি ১০৮ ৰানতে অলআউট হয়। আফগানিস্তানৰ হৈ গুলবদিন নইব আৰু কেছ আহমেদে তিনিটাকৈ উইকেট দখল কৰে।

প্ৰতিযোগিতাখনৰ ছেমি ফাইনেলত আফগানিস্তানে পাকিস্তানৰ মুখামুখি হ’ব। পাকিস্তানে হংকঙত পৰাস্ত কৰি ছেমি ফাইলেত প্ৰৱেশ কৰিছে।

ইফালে দ্বিতীয়খন ছেমি ফাইনেলত ভাৰত মুখামুখি হ’ব বাংলাদেশ আৰু মালেছিয়াৰ মাজত হ’বলগীয়া চতুৰ্থখন কোৱাৰ্টাৰ ফাইনেলৰ বিজয়ী দলটোৰ লগত।

Leave A Reply

Your email address will not be published.