ISHAN NEWS – Always One Step Ahead of Time…

এছিয়ান গেমছত ‘শতকে’ৰে ইতিহাস ৰচিলে ভাৰতে। ‘ইছবাৰ ১০০ পাৰ’ শ্ল’গানৰ সফল ৰূপায়ন ।

0 776

চলিত এছিয়ান গেমছত ইতিহাস ৰচিলে ভাৰতে । পদকৰ তালিকাত ভাৰতে লাভ কৰা পদকৰ সংখ্যাই স্পৰ্শ কৰিলে শতকৰ ঘৰ ।
২০২৩ বৰ্ষৰ আৰম্ভ হোৱাৰ আগতেই এছিয়ান গেমছৰ বাবে ভাৰতৰ শ্ল’গান আছিল ‘ইছবাৰ ১০০ পাৰ’ । এই শ্ল’গানেৰে ভাৰতে লক্ষ্য নিৰ্দ্ধাৰণ কৰিছিল চলিত এছিয়ান গেমছৰ পদকৰ তালিকাত ভাৰতে ১০০ টা পদকৰ সীমা অতিক্ৰম কৰিব। শনিবাৰে ভাৰতৰ সেই সপোন বাস্তৱ হ’ল । প্রথমবাৰৰ বাবে এছিয়ান গেমছত ১০০ টা পদক অৰ্জন কৰি ইতিহাস ৰচিলে ভাৰতে। এইবাৰ সোণৰ পদক অৰ্জনৰ ক্ষেত্রতো অভিলেখ সূচনা কৰে ভাৰতে ।

কেন্দ্ৰীয় চৰকাৰে দেশৰ ক্রীড়া ক্ষেত্রৰ উন্নয়নৰ বাবে বিভিন্ন কাৰ্যসূচী হাতত লৈছিল। বিশেষকৈ খেলুৱৈ সকলক উৎসাহ প্রদান কৰাৰ লগতে ক্রীড়াৰ আন্তঃগাঠনি উন্নয়নৰ ক্ষেত্রতো যথষ্ট গুৰুত্ব দিছিল ।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতক এখন ক্ৰীড়া ৰ দেশ হিচাপে প্ৰতিষ্ঠা কৰিবলৈ বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছিল । কিয়নো বিশ্বত আধিপত্য বিস্তাৰ কৰাৰ আগতে এছিয়াৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ হ’ব লাগিব ভাৰত । এছিয়াৰ আন দেশতকৈ ভাৰত কোনো গুণে কম নহয় বুলি দেখুৱাবলৈ এছিয়াডতকৈ ভাল মঞ্চ নায়। গতিকে অভিযান আৰম্ভ কৰিছিল এছিয়ান গেমছৰ পৰা।


চলিত এছিয়ান গেমছত অভিযান আৰম্ভ কৰিয়েই ভাৰতে লাভ কৰিলে অভূতপূৰ্ব সফলতা । ভাৰতে পূৰ্বৰ মুঠ পদকৰ তুলনাত এইবাৰ ৩০ টাতকৈ অধিক পদক লাভ কৰি এছিয়াডত ‘শতক’ অৰ্জন কৰিবলৈ সক্ষম হয় ।


১৯৫১ চনত প্রথমবাৰৰ বাবে আৰম্ভ হৈছিল এছিয়ান গেমছ । ভাৰত এই প্ৰতিযোগিতাৰ আৰম্ভণিৰ অন্যতম স্থপতি আছিল । প্ৰথমবাৰৰ এই প্ৰতিযোগিতা অনুষ্ঠিত হৈছিল নতুন দিল্লীত। ১৯৫১ চনত অনুষ্ঠিত পদকৰ তালিকাত ভাৰতে অৰ্জন কৰিছিল ৫১ টা পদক । তেতিয়াৰ পৰা, ভাৰতৰ মুঠ পদকৰ সংখ্যাই স্পৰ্শ কৰা নাই ৫০ সংখ্যা । ৩১ বছৰৰ পাছত, এছিয়াড পুনৰ অনুষ্ঠিত হৈছিল দিল্লীত সেইবাৰ ভাৰতে লাভ কৰিছিল ৫৭ টা পদক। ভাৰতে ২০০৬ চনৰ দোহা গেমছত ৫৩ টা পদক অৰ্জন কৰিছিল। এইটোৱেই আৰম্ভণি আছিল ভাৰতৰ । ইয়াৰ পাছৰ পৰা, ভাৰতৰ পদকৰ সংখ্যা ৫০ৰ তললৈ হ্ৰাস পোৱা নায়।

Leave A Reply

Your email address will not be published.