ISHAN NEWS – Always One Step Ahead of Time…

পেলেষ্টাইনলৈ মুকলি সমৰ্থন পাকিস্তানী ক্রিকেটাৰ মহম্মদ ৰিজৱানৰ । গাজাৰ ভাই ভনীলৈ উৎসৰ্গা কৰিলে শতক । ISHAN NEWS…

0 2,659

বিশ্বকাপ ক্রিকেটতো পৰিছে ইজৰাইল আৰু হামাছৰ মাজত হোৱা যুদ্ধৰ প্রভাৱ । যুদ্ধই যিসময়ত বিশ্বক বিভক্ত কৰিছে সেইসময়তে চৰ্চালৈ আহিছে পাকিস্তানী ক্ৰিকেট দলৰ তাৰকা বেটছমেন মহম্মদ ৰিজৱানৰ নাম। ৰিজৱানে মুকলিকৈ সমৰ্থন কৰিছে পেলেষ্টাইনক। ১০ অক্টোবৰত শ্রীলংকা আৰু পাকিস্তানৰ মাজত অনুষ্ঠিত হোৱা বিশ্বকাপৰ এখন খেলত জয়লাভ কৰিছিল পাকিস্তানে । সেইখন খেলতে ৰিজৱানে অৰ্জন কৰিছিল শতক । মহম্মদ ৰিজৱানে এই শতক আৰু পাকিস্তানৰ বিজয় উৎসৰ্গা কৰিছে গাজাত বসতি স্থাপন কৰা পেলেষ্টাইনী সকললৈ ।ৰিজৱানে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সৰ জৰিয়তে পেলেষ্টাইনৰ সমৰ্থনত লিখা পোষ্টটো এতিয়া ভাইৰেল হৈছে সামাজিক মাধ্যমত ।


ৰিজৱানে পোষ্টতোত লিখিছিল,‘এয়া গাজাত থকা আমাৰ ভাই-ভনীসকলৰ বাবে। আমাৰ জয়লৈ অৰিহণা আগবঢ়ায় সুখী। এই জয় সহজ কৰি তোলাৰ বাবে সমগ্ৰ দলটোক, বিশেষকৈ আব্দুল্লাহ চফিক আৰু হাছান আলী কৃতিত্বৰ পাত্র। বিপুল আদৰণি আৰু আমাৰ প্রতি আগবঢ়োৱা সমৰ্থনৰ বাবে হায়দৰাবাদৰ জনসাধাৰণৰ ওচৰত কৃতজ্ঞ।’

(2) Muhammad Rizwan on X: “This was for our brothers and sisters in Gaza. 🤲🏼 Happy to contribute in the win. Credits to the whole team and especially Abdullah Shafique and Hassan Ali for making it easier. Extremely grateful to the people of Hyderabad for the amazing hospitality and support throughout.” / X (twitter.com)

উল্লেখযোগ্য যে – ৰিজৱানেই প্ৰথমগৰাকী খেলুৱৈ নহয় যিয়ে মুকলিকৈ পেলেষ্টাইনলৈ সমৰ্থন আগবঢ়াইছে। ইয়াৰ পূৰ্বে, ইংলেণ্ডৰ ক্ৰিকেটাৰ মইন আলীয়েও ২০১৪ চনত পেলেষ্টাইনলৈ সমৰ্থন আগবঢ়াইছিল । ভাৰতৰ বিৰুদ্ধে অনুষ্ঠিত এখন খেলত খেলুৱৈ গৰাকীয়ে হাতৰ মণিবন্ধনত দুডাল বেণ্ড পৰিধান কৰিছিল । য’ত লিখা আছিল “Save Gaza “ আৰু “Free Palestine”।অৱশ্যে, আইচিচিয়ে ক্রিকেটাৰ গৰাকীৰ এনে পদক্ষেপৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিছিল। ক্রিকেটাৰ গৰাকীক ৰিস্ট বেণ্ড খুলি পৰৱৰ্তী খেলত অংশগ্ৰহণৰ নিৰ্দেশ দিছিল আই চি চি য়ে ।

Leave A Reply

Your email address will not be published.